কাশ্মীৰৰ ঘটনাক লৈ ফেচবুক পোষ্টৰ বাবেই আইকন কমাৰ্চ কলেজৰ অধ্যাপিকাক নিলম্বন; ধৰ্ষণ, হত্যাৰ ভাবুকি

Papri banerjee_Profile and Post

নিলম্বিত অধ্যাপিকাগৰাকী আৰু তেওঁৰ পোষ্টটোৰ স্ক্ৰীনশ্বট। উৎস : ফেইচবুক।

কাশ্মীৰৰ পুলৱামাত ১৪ ফেব্ৰুৱাৰিত সংঘটিত ভংয়কৰ বোমা বিস্ফোৰণক লৈ ফেচবুকত এটা পোষ্ট দিয়া বাবেই আইকন কমাৰ্চ কলেজ নামৰ গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীক নিলম্বন কৰিছে কৰ্তৃপক্ষই।

ভুক্তভোগী ইংৰাজী বিষয়ৰ সহকাৰী অধ্যাপিকাগৰাকীৰ নাম পাপৰি বেনাৰ্জী। তেওঁ এগৰাকী প্ৰাক্তন কটনিয়ান।

“You are put under suspension with immediate effect till the matter is resolved by the competent authority”,

১৬ ফেব্ৰুৱাৰিত জাৰি কৰা নিলম্বনৰ জাননীখনত এইদৰে কোৱা হয়।

বেনাৰ্জীক তেওঁৰ পোষ্টটোৰ বাবে কিছুমান য়ুজাৰে তেওঁৰ ইনবক্সত ধৰ্ষণ আৰু হত্যাৰ ভাবুকিও দিয়ে। এই কথা নিজেই জনালে অধ্যাপিকাগৰাকীয়ে।

‘‘মোৰ ইনবক্সত ধৰ্ষণ, হত্যাৰ ভাবুকি নিৰন্তৰভাৱে আহিবলৈ ধৰিছে’’, পৰৱৰ্তী এটা পোষ্টত পাপৰি বেনাৰ্জীয়ে কয়। তেওঁ অসম আৰক্ষীক কিবা অঘটন ঘটিলে তেওঁ পূৰ্বে এবাৰ দি থোৱা এজাহাৰখনত দিয়া নামবোৰ চাবলৈ আহ্বান জনায়। ‘‘কাইলৈ যদি মোৰ কিবা হয়, তেওঁলোকেই দায়ী হ’ব,’’ অধ্যাপিকাগৰাকীয়ে আৰক্ষীলৈ সম্বোধন কৰি কয়।

অংশূল চাক্সেনা (Anshul Saxena) নামৰ এটা ফেইচবুক পেইজত এডমিনে পাপৰিৰ ফেইচবুক পোষ্টটোৰ স্ক্ৰীন শ্বটৰ সৈতে দিয়া এটা পোষ্টত কয় যে অধ্যাপিকাগৰাকীৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিয়া হৈছে আৰু আৰক্ষীয়ে ব্যৱস্থা লোৱাৰ আশ্বাস দিছে।

অংশূল চাক্সেনাৰ নামত থকা এই পেইজটোৱে গোটেই ভাৰতৰ বিভিন্ন ঠাইৰ ফেচবুক য়ুজাৰ, যিসকলে কাশ্মীৰৰ ঘটনাক কেন্দ্ৰ কৰি কৰা পোষ্ট আৰু মন্তব্য কৰিছে তেওঁলোকক অহৰহ নিৰীক্ষণ কৰি থকা বুলি দাবী কৰিছে। “মই কাকো সাৰি যাবলৈ নিদিওঁ”, এডমিনৰ দাবী। পেইজটোত কাশ্মীৰ কেন্দ্ৰিক ফেচবুক পোষ্টৰ বাবে চাকৰি যোৱা, বিদ্যালয়ৰ পৰা বহিষ্কৃত আদি লোকৰ সঘন আপডেইট দি থকা দেখা গৈছে। পেইজটোৰ প্ৰায় ডেৰ লাখ ফ’ল’ৱাৰ আছে।

অংশূল চাক্সেনা নামৰ পেইজত পাপৰি বেনাৰ্জীৰ পোষ্টটোৰ স্ক্ৰীন শ্বটৰ সৈতে দিয়া পোষ্টটো।

ইপিনে নিলম্বনৰ পিছতে দিয়া এটা পোষ্টত সহকাৰী অধ্যাপিকাগৰাকীয়ে কোনো অনুশোচনা নৰখাকৈ কয়, “Freedom, to speak at last…”

আন এটা পোষ্টত বেনাৰ্জীয়ে কয়, ‘‘The price you pay in India for being a liberal…’’

কাশ্মীৰৰ ঘটনাটোক লৈ পাপৰি বেনাৰ্জীয়ে দিয়া পোষ্টটো, যিটো একাংশই ভাৰত বিৰোধী বুলি ধৰি লৈছে, তাত তেওঁ লিখিছে

‘‘কালি ৪৫জন সাহসী পুৰুষক হত্যা কৰা হ’ল..

এয়া যুদ্ধ নাছিল..

তেওঁলোকে উলটি যুঁজিবলৈ সুযোগ পোৱা নাছিল..

এয়া আছিল চৰম কাপুৰুষালি..

এই কথাই যিকোনো এজন ভাৰতীয়ৰে হৃদয় ভাঙিব..

কিন্তু

কিন্তু

কিন্তু

নিৰাপত্তা বাহিনীবোৰে উপত্যকাটোত কি কৰা নাই!

তোমালোকে তেওঁলোকৰ মহিলাসকলক ধৰ্ষণ কৰিছা..

তোমালোকে তেওঁলোকৰ শিশুবোৰক পংগু কৰিছা, হত্যা কৰিছা..

তোমালোকে তেওঁলোকৰ পুৰুষসকলক হত্যা কৰিছা..

তোমালোকৰ মিডিয়াই তেওঁলোকক নিৰন্তৰ অসুৰ সজাই আছে..

আৰু তোমালোকে কোনো প্ৰতিশোধ আশা নকৰি পাৰা??

তোমালোকে কি জানা?

‘সন্ত্ৰাসবাদ’টো ইছলামৰ পৰা আহিব পাৰে,

কিন্তু ‘কৰ্ম’ হ’ল একেবাৰে ভাৰতীয়, একেবাৰে সনাতনীয় ধাৰণা..

সেইটো গমি চোৱা!’’

এইদৰে পাপৰিয়ে ঘটনাটোৰ এটা নিজা দৃষ্টিৰ পোষ্টমৰ্টেম কৰাৰ পিছতে একাংশই ইয়াক কাশ্মীৰ-ঘটনাৰ প্ৰতি হেয় মনোভাবৰ প্ৰকাশ বুলি নিজে নিজে ধাৰণা কৰি লয়। কেৱল সেয়াই নহয়, অতি অশ্লীল ভাষাৰে (যিটো স্বাভাৱিকতেই এওঁলোকৰ ক্ষেত্ৰত দেখা যায়) বেনাৰ্জীক গালি-গালাজ কৰা আৰম্ভ কৰে, আনকি দিয়ে মৃত্যুৰ ভাবুকিও।

আনহাতে অসম আৰক্ষীৰ টুইটাৰ পেইজত অধ্যাপিকাগৰাকীৰ বিতৰ্কিত পোষ্টটো এগৰাকী টুইটাৰ য়ুজাৰে শ্বেয়াৰ কৰাত আৰক্ষীয়ে ইয়াক বিবেচনা কৰি চোৱা হ’ব বুলি উত্তৰত কয়।

উল্লেখযোগ্য যে পূৰ্বেও পাপৰি বেনাৰ্জীয়ে এনেকুৱা ভাবুকিৰ সন্মুখীন হৈছিল, যাৰ বাবে তেওঁ অসুৰক্ষিত অনুভৱ কৰিছে বুলি মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী মেনকা গান্ধীলৈ টুইট কৰিব লগীয়া হৈছিল। মেনকা গান্ধীয়ে সঁহাৰি জনাই অসম আৰক্ষীলৈ তাৎক্ষণিকভাৱে সুৰক্ষা নিশ্চিত কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰিছিল।