কুনোত পুনৰ চিতাৰ মৃত্যু: পাঁচমাহত চিতাৰ মৃত্যু ৯ টালৈ বৃদ্ধি
দেশত চিতাৰ পুনৰ বংশ বিস্তাৰৰ লক্ষ্যৰে আফ্ৰিকান দেশৰ পৰা চিতা আমদানি ঘটোৱা হৈছিল যদিও এই পৰিকল্পনা কিমান দূৰ ফলপ্ৰসূত হ’ব, সেয়া সন্দেহৰ মাজত সোমাই পৰিছে। আমদানিকৃত চিতাসমূহ মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হৈছিল।
কিন্তু যোৱা পাঁচ মাহৰ ভিতৰত কুনোত ৯ টা চিতাৰ মৃত্যু ঘটিছে। আজি পুৱা আন এটা চিতাৰ মৃত্যু হয় ৰাষ্ট্ৰীয় উদ্যানখনত। উদ্যান কৰ্তৃপক্ষই এক বিবৃতি যোগে নিশ্চিত কৰিছে এই খবৰ।
বিবৃতিটোত উল্লেখ কৰা মতে, আজি পুৱা ধাত্ৰী নামৰ মাইকী চিতাটোক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। ধাত্ৰীৰ মৃত্যুৰ কাৰণ নিৰ্ণয়ৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰা হৈছে বুলি উদ্যান কৰ্তৃপক্ষই লগতে সদৰী কৰে।
কৰ্তৃপক্ষই লগতে বিবৃতিটোত উদ্যানখনৰ বন্যপ্ৰাণী পশু চিকিৎসকৰ লগতে নামিবিয়াৰ এগৰাকী বিশেষজ্ঞই কুনো ৰাষ্ট্ৰীয় উদ্যানৰ ঘেৰাওত ৰখা ১৪টা চিতাৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰাখিছে বুলি উল্লেখ কৰে।
এই ১৪ টা চিতাৰ ভিতৰত ৭ টা মতা, ৬ জনী মাইকী আৰু এটা পোৱালী চিতা আছে বুলি জানিবলৈ দিয়া হৈছে। আনহাতে মুকলি অৱস্থাত থকা দুটা মাইকী চিতাৰ মাজৰে ধাত্ৰীক আজি পুৱা মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।
লক্ষণীয়ভাৱে, ইতিমধ্যে মৃত্যু হোৱা ৯ টা চিতাৰ ভিতৰত তিনিটা পোৱালিও আছে।