বিশ্বনাথত ১০ টা আদৰ্শ ভোটকেন্দ্ৰত মহিলা কৰ্মচাৰীয়ে গ্ৰহণ কৰিব ভোট

ভোটগ্ৰহণৰ বাবে কেন্দ্ৰসমূহলৈ নিৰ্বাচনী সামগ্ৰীসহ কৰ্মচাৰী ৰাওনা

images (2)

প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব লগা বিশ্বনাথ জিলাৰ বিশ্বনাথ মহকুমাত ৪৪৪ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰিবৰ বাবে আজি নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকল নির্বাচনর যাবতীয সা-সামগ্ৰীসহ নিৰ্দিষ্ট ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। জিলাখনৰ বিশ্বনাথ মহকুমাৰ অন্তৰ্গত ৯খন জিলা পৰিষদ, ৫খন আঞ্চলিক পঞ্চায়ত, ৪২ খন গাঁও পঞ্চায়ত আৰু ৪২০টা গাওঁ পঞ্চায়ত ৱাৰ্ডত কাইলৈ অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে ৪৪৪ গৰাকী প্ৰিজাইডিং বিষয়া, ৪৪৪ গৰাকী প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ পোলিং বিষয়া আহি নিৰ্বাচনী সামগ্ৰীসহ নিজ নিজ ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হৈছে।

অৱশ্যে ১২০০ গৰাকীতকৈ অধিক ভোটাৰ থকা ১৫টা ভোটকেন্দ্ৰত এগৰাকীকৈ অতিৰিক্ত চতুৰ্থ পোলিং বিষয়াও নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি আন ৮ শতাংশ কৰ্মচাৰীক জৰুৰীকালীনভাৱে নিয়োগৰ বাবে সংৰক্ষিত হিচাপে ৰখা হৈছে।

আনহাতে এইবাৰ বিশ্বনাথ মহকুমাৰ অন্তৰ্গত ১০টা ভোটকেন্দ্ৰক আদৰ্শ ভোটকেন্দ্ৰৰূপে নিৰ্বাচন কৰি এই ভোটকেন্দ্ৰকেইটাত মূলতঃ মহিলা বিষয়া-কৰ্মচাৰীক ভোটগ্ৰহণৰ বাবে নিয়োগ কৰা হৈছে। এনেদৰে মহিলা কৰ্মচাৰীয়ে ভোটগ্ৰহণ কৰিবলগীয়া বিশ্বনাথৰ ১০টা ভোটকেন্দ্ৰ হৈছে- গড়েহাগী কমলাকান্ত স্মৃতি এম ই স্কুল (পূব আৰু পশ্চিম), লক্ষীধৰ স্মৃতি এম ভি স্কুল(পূব), বালিপুখুৰী এম ভি স্কুল (মধ্য), বাঘমৰা বালিকা এম ভি স্কুল (পূব), চাৰিআলি একাডেমী স্কুল (পূব আৰু পশ্চিম), বিশ্বনাথ হাইস্কুল (পশ্চিম), বিশ্বনাথ পুৰণি এল পি স্কুল (পশ্চিম) আৰু চাৰিআলি আদৰ্শ বিদ্যাপীঠ (উত্তৰ)।