লকডাউনত সুশৃংখলিতভাৱে কাম কৰিছে মহিলা চাহ শ্ৰমিকে; সজাগতা সৃষ্টিত ব্যস্ত একাংশ শিক্ষক

VideoCapture_20200503-005537

ফটো: নৰ্থইষ্ট নাও

অহা ১৭মে’ পৰ্য্যন্ত তৃতীয় পৰ্য্যায়ৰ লকডাউন ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে। দীঘলীয়া লকডাউনৰ মাজতে শেহতীয়াকৈ চৰকাৰে প্ৰদান কৰা শিথিলতাৰ বাবে গ্ৰীণ জ’নত থকা চাহ বাগিছা সমূহত কিছু চৰ্ত সাপেক্ষে নিতৌ শ্ৰম কৰিবলৈ সুবিধা লাভ কৰিছে আধা সংখ্যক চাহ শ্ৰমিকে।

যি সময়ত চাহ অধ্যুষিত অঞ্চল সমূহত কালন্তক ক’ৰনা মহামাৰীৰ সংক্ৰমণৰ বিৰুদ্ধে সজাগতাৰ অভাৱ হ’ব বুলি ধাৰণা কৰা হৈছিল ঠিক সেই সময়তে চামগুৰিৰ ন’নৈ চাহ বাগিছাৰ একাংশ মহিলা চাহ শ্ৰমিক, বাগিছা কৰ্তৃপক্ষ তথা অঞ্চলটোৰ শিক্ষক সকলে দাঙি ধৰিলে এক উৎকৃষ্ট নিদৰ্শন।

চৰকাৰে জাৰি কৰা সকলো যাৱতীয় নীতি-নিৰ্দেশনা আখৰে আখৰে পালন কৰি নিতৌ বাগিছা খনৰ অৰ্ধেকাংশ মহিলা চাহ শ্ৰমিকে প্ৰত্যেকেই মুখত মাক্স পৰিধান কৰি সামাজিক দূৰত্ব বজাই বাগিছা খনত কেঁচা পাত তোলাৰ লগতে সমাপন কৰা দেখা গ’ল নিত্য নৈমিত্তিক কাৰ্য।

তদুপৰি, শ্ৰমিক-কৰ্মচাৰী সকলক নিতৌ ৰাতিপুৱাৰ পৰা বিয়লিলৈকে সময়ে সময়ে চাবোনেৰে হাত ধুবলৈ অথবা ছেনিটাইজ কৰিবলৈ সুবিধা কৰি দিয়া দেখা গ’ল বাগিছা কৰ্তৃপক্ষই।

এই সকলোবোৰৰ মাজতে এক বিশেষ প্ৰশংসনীয় পদক্ষেপ লোৱা দেখা গ’ল ন’নৈ বাগিছাৰ চাহ অধ্যুষিত এলেকাৰ বিদ্যালয় সমূহৰ শিক্ষক সমাজে।

লকডাউনৰ কাৰণে বিদ্যালয় বন্ধ থকাৰ বাবে বাগিছা এলেকাৰ প্ৰায় ছয় সাত জনকৈ শিক্ষক-শিক্ষয়ত্ৰীয়ে নিত্য কৰ্তব্যৰ দৰে নিতৌ বাগিছা খনৰ বিভিন্ন ছেক্টৰত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰী সকলৰ মাজত দিনতো উপস্থিত থাকি তেওঁলোকৰ মাজত ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে।

তদুপৰি, চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিৰ্দেশনা সমূহ শ্ৰমিক-কৰ্মচাৰী সকলে সঠিকভাৱে মানি চলিছেনে নাই তাক তদাৰক কৰি ক’ৰনাৰ বিৰুদ্ধে চলি থকা যুঁজ খনত নিজকে বিনা চৰ্তৰে এজন যুঁজাৰু হিচাবে নিয়োজিত কৰিছে।

ন’নৈ চাহ বাগিছাৰ দৰিদ্ৰ চাহ শ্ৰমিক সকলৰ সুৰক্ষাৰ স্বাৰ্থত নিজেই এজন প্ৰকৃত যুঁজাৰু হিচাপে ঠিয় দিয়া চাহ অধ্যুষিত অঞ্চলটোৰ শিক্ষক-শিক্ষয়ত্ৰী কেইজনক এতিয়া ভূয়সী প্ৰশংসা কৰা দেখা গৈছে চামগুৰিৰ সচেতন মহলে।