বাতিল হ’ল মহিলাৰ ১৭ অনূৰ্ধ্ব ফিফা বিশ্বকাপ; ভাৰততেই হ’ব ২০২২ত

২০২০ চনৰ নৱেম্বৰত ভাৰতৰ মাটিত অনুষ্ঠিত হোৱাৰ কথা আছিল ফিফা অনূৰ্ধ্ব ১৯ মহিলা বিশ্বকাপ।

ক’ৰ’না মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাত প্ৰতিযোগিতাখন ২০২১ লৈ স্থগিত কৰা হৈছিল।

কিন্তু পৰিস্থিতি স্বাভাৱিক নোহোৱাত ভাৰতত হ’বলগীয়া বিশ্বকাপখন অৱশেষত বাতিল কৰাৰ সিদ্ধান্ত লয় ফিফাই।

ইফালে ২০২০ত হ’বলগীয়া অনূৰ্ধ্বৰ ২০ মহিলা বিশ্বকাপো বাতিল কৰা হৈছে। ফিফাৰ অন্যতম গুৰুত্বপূৰ্ণ এই টুৰ্ণামেণ্টখন অনুষ্ঠিত হোৱাৰ কথা আছিল কস্তাৰিকাত।

২০২০ চনৰ প্ৰতিযোগিতা বাতিল কৰাৰ পিছত ২০২২ চনত অনূৰ্ধ্ব-১৭ মহিলাৰ বিশ্বকাপখন ভাৰততে হ’ব।

আনহাতে ২০২২ চনতেই কোস্তাৰিকাত অনূৰ্ধ্বৰ-২০ মহিলা বিশ্বকাপ অনুষ্ঠিত হ’ব।

ক’’ভিডৰ বাবে স্থগিত কৰা মহিলাৰ অনূৰ্ধ্ব-১৭ ফিফা বিশ্বকাপখন অহা বচৰ ১৭ ফেব্ৰুৱাৰিৰ পৰা ভাৰততে অনুষ্ঠিত কৰাৰ কথা আছিল পৰিস্থিতি স্বাভাৱিক নোহোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে এই প্ৰতিযোগিতাখনত বিশ্বৰ আগশাৰীৰ ১৬ খন দেশে অংশ গ্ৰহণ কৰিব।

বিশ্বকাপৰ মেচ সমূহ ভাৰতৰ পাঁচখন ঠাইত আয়োজন কৰা হৈছে। এই পাঁচখন চহৰ হ’ল- আহমেদাবাদ, ভুৱনেশ্বৰ, গুৱাহাটী, কলকাতা আৰু নবী মুম্বাই।