• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

এনে স্পৰ্দ্ধা কদাপি নকৰিবা এমবাপে!

মনজিৎ দত্ত by মনজিৎ দত্ত
December 19, 2022 4:35 pm
FIFA World Cup 2022 Final
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম ছেমিত ক্ৰ’ৱেছিয়াক পৰাস্ত কৰি ফাইনেলত ইতিপূৰ্বেই প্ৰৱেশ কৰিছে আৰ্জেণ্টিনাই। দ্বিতীয় ছেমিত মৰক্কোক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ প্ৰতিদ্বন্দী ৰূপত ফাইনেললৈ ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্স। ফাইনেলত অৱতীৰ্ণ হোৱাৰ পূৰ্বে ফ্ৰান্সৰ আক্ৰমণ বিভাগৰ কাণ্ডাৰী কিলিয়ান এমবাপেই দিছিল এক টিপ্পনী। কি কৈছিল এমবাপেই!

“Argentina haven’t played games of great quality to reach the World Cup. In South America football isn’t as advanced as Europe. That’s why if you look at the last World Cups it’s always the Europeans that win.”

“South American teams have disadvantages because they don’t have the same level of competition as European teams. Argentina and Brazil don’t play matches at a high level to get to the World Cup. Football is not as advanced as it is in Europe. That’s what you saw in recent World Cups,” — এয়া আছিল এমবাপেৰ ভাষ্য।

বাৰু, তাৰ পাছৰখিনি পিছলৈ থাকক। এতিয়া আহোঁ আন দুটা বিষয়লৈ-

কালি খেল চাই সকলোৱে এমবাপেৰ প্ৰশংসা কৰিছে। কিন্তু, কেৱল বিশ্বকাপৰ সময়ত সাৰ পোৱা ফুটবল ফেনসকলে নাজানে যে, এমবাপেৰ দৰেই আন এক যুৱ তাৰকাই বিশ্ব ফুটবলত দপদপনি তুলিবলৈ সাজু হৈছে। কিন্তু এমবাপেৰ দৰে এই তাৰকাগৰাকীয়ে পোৱা নাই এক সবল দলীয় শক্তি কিম্বা সমৰ্থন। কিন্তু ক্লাৱ ফুটবলত ইতিমধ্যেই এই যুৱ তাৰকাগৰাকীয়ে ভৱিষ্যতৰ ইংগিত বহন কৰিছে। নাম তেওঁৰ আৰ্লিং হালাণ্ড। দুৰন্ত গতি, স্কীল আৰু শ্বুট পাৱাৰৰ সৈতে হালাণ্ড এক ‘কমপ্লিট ফুটবলাৰ’। আহিবলগীয়া দিনবোৰত মেছি-ৰোনাল্ড’ৰ উত্তৰসূৰী হিচাপে জিলিকিবলৈ সাজু হৈছে এই দুই যুৱ তাৰকা- এমবাপে আৰু হালাণ্ড।

Where was Erling Haaland born? The birthplace of the new Man City star

কালিৰ ফাইনেলত প্ৰথমাৰ্ধৰ লগতে দ্বিতীয়াৰ্ধৰো অধিক সময় খেলপথাৰত আৰ্জেণ্টিনাৰে দপদপনি আছিল। কিন্তু দ্বিতীয়াৰ্ধত ফ্ৰান্সৰ এক বিশেষ চাবষ্টিটিউচনৰ পাছত ফ্ৰান্সৰ খেলৰ গতি সলনি হৈছিল। খেলৰ গতি ফ্ৰান্সৰ অনুকুলে অনা এই তাৰকাগৰাকী আছিল মিডফিল্ডাৰ কিংছলী ক’মান। ক্লাৱেই হওক অথবা আন্ত:ৰাষ্ট্ৰীয় হওক, ক’মানৰ খেল চোৱা সকলোৱে স্বীকাৰ কৰিব ক’মানৰ দক্ষতা। খেলপথাৰত স্কীল, গতি, নিৰ্দিষ্ট স্থানত বল পেলাই আক্ৰমণৰ দায়িত্বত থকা খেলুৱৈক সহযোগিতা কৰাত সিদ্ধহস্ত ক’মানে প্ৰতি মুহূৰ্ততে নিজৰ উপস্থিতিৰ প্ৰমাণ দিয়ে।

কালিৰ মেচখনতো এমবাপেতকৈ অধিক ফ্ৰান্সৰ প্ৰত্যাৱৰ্তনৰ নায়ক আছিল ক’মানহে। কালিৰ মেচখনত বল ভৰিত পালেই স্বভাৱসিদ্ধভাৱে আঠাৰ দৰে লগাই আগবাঢ়ি যোৱা মেছিৰ ভৰিৰ পৰা বল কাঢ়ি নিবলৈ সক্ষম হোৱা একমাত্ৰ ফৰাচী খেলুৱৈ আছিল ক’মান। মেছিৰ ভৰিৰ পৰা বল আঁতৰাই সমুখলৈ ক’মানে ওলিয়াই দিয়া সুযোগৰে সদব্যৱহাৰ কৰি কালি এমবাপেই দিছিল ফ্ৰান্সৰ দ্বিতীয়টো গল।

France 'reintroduce social distancing and masks' as Coman 'isolates from  squad' to stem virus ahead of World Cup final | The Irish Sun

 

টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ লগতে কালি ফাইনেলৰো শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে মেছিয়ে। কিন্তু মেছিতকৈ ভাবোঁ আৰ্জেণ্টাইন গলকীপাৰ মাৰ্টিনেজহে আছিল শ্ৰেষ্ঠ খেলুৱৈ। কোনে পাহৰিব পাৰে, এক্সট্ৰা টাইমৰ অন্ত পৰাৰ আগে আগে ক’ল’ মুৱানিয়ে মৰা শ্বট মাৰ্টিনেজে কৰা সেই দুৰ্দান্ত প্ৰতিহত! মাৰ্টিনেজৰ এই চমকৰ বাবেইটো কালি বিশ্বকাপ ট্ৰফীত চুম্বন পৰিল মেছিৰ!

Emiliano Martinez makes HUGE last-minute wonder save as Argentina win World  Cup | Daily Mail Online

 

Lionel Messi-inspired Argentina wins World Cup title after beating France  in sensational final | CNN

ফাইনেলৰ পূৰ্বে এমবাপেই আৰ্জেণ্টিনাক উপহাস কৰি কৈছিল, লেটিন আমেৰিকান ফুটবল ইউৰোপীয়ান ফুটবলৰ দৰে আগবঢ়া নহয়। এমবাপেৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দি মাৰ্টিনেজে সকীয়াই দিছিল, “এমবাপেই ফুটবলৰ বিষয়ে ভালদৰে নাজানে। তেওঁ লেটিন আমেৰিকাত কোনোদিন ফুটবল খেলি পোৱা নাই। গতিকে তেওঁ এই বিষয়ত একো নোকোৱাই ভাল।” আৰু এমবাপেৰ দৰ্প চূৰ্ণ কৰি ফাইনেলত মাৰ্টিনেজসহ আৰ্জেণ্টিনাই দেখুৱালে লেটিন আমেৰিকান ফুটবলৰ গৰিমা কি! কোনোবাই জানো পাহৰিব পাৰিব মাৰ্টিনেজৰ সেই ভাষ্য, “মেছিৰ বাবে মই সকলো ত্যাগ কৰিবলৈ সাজু………..।” আৰু কালি সেয়াই কৰি দেখুৱালে মাৰ্টিনেজে; আৰ্জেণ্টিনাৰ আন ৯ গৰাকী খেলুৱৈয়ে। এই জয় মেছিৰ নামত, মাৰাডোনাৰ নামত, আৰ্জেণ্টিনাৰ নামত, বিশ্বজুৰি থকা অলেখ অযুত অনুৰাগীৰ নামত।।

Argentina wins World Cup, beats defending champion France in penalties -  The Globe and Mail

মনজিৎ দত্ত

মনজিৎ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

August 16, 2025 7:37 pm
আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

August 16, 2025 7:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd