কাইলৈৰপৰা আৰম্ভ বিশ্বকাপ ফুটবল

FIFA World Cup Qatar 2022

সমগ্ৰ বিশ্বতে এতিয়া ফুটবলৰ জ্বৰ। কাইলৈৰপৰা আৰম্ভ হ’ব বিশ্বকাপ ফুটবল। প্ৰতি চাৰি বছৰৰ অন্তৰালত অনুষ্ঠিত হোৱা বিশ্বকাপ ফুটবল এইবাৰ অনুষ্ঠিত হ’ব মধ্যপ্ৰাচ্যৰ দেশ কাটাৰত। প্ৰথমবাৰৰ বাবে এখন মুছলিম দেশে আয়োজন কৰিছে বিশ্বকাপ। এই লৈ এতিয়া কেৱল কাটাৰতেই নহয়, সমগ্ৰ মধ্যপ্ৰাচ্যতে আৰম্ভ হৈছে তুমুল উত্তেজনা, উৎকন্ঠা আৰু শিহৰণ। কিন্তু কাটাৰত হ’বলগীয়া এই বিশ্বকাপক লৈ বিতৰ্কৰো অন্ত নাই। কেনেকৈ পালে মাত্ৰ ত্ৰিশ লাখ জনসংখ্যাৰ দেশ কাটাৰে বিশ্বকাপ আয়োজনৰ স্বত্ব, য’ত ফুটবলৰ কোনো পৰিবেশেই নাই? একমাত্ৰ কি ধনী হোৱাৰ সুবাদতে?

আজিৰপৰা মাত্ৰ কিছুদিন আগতে ফিফাৰ প্ৰাক্তন সভাপতি ছেপ ব্লাটাৰে কাটাৰত বিশ্বকাপ অনুষ্ঠিত কৰিবলৈ লোৱাটো এটা ভুল সিদ্ধান্ত বুলি অভিহিত কৰিছে। শেহতীয়াকৈ জাৰ্মানীৰ এগৰাকী প্ৰাক্তন ফুটবল অধিনায়কেও এই একে মন্তব্য প্ৰকাশ কৰি এইবাৰৰ বিশ্বকাপ বৰ্জনৰ সিদ্ধান্ত লৈছে। তেওঁৰ মতে কাটাৰৰ দৰে এখন ৰক্ষণশীল দেশত বিশ্বকাপ ফুটবলৰ দৰে এখন আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেল অনুষ্ঠিত কৰাটো মুঠেই সমৰ্থনযোগ্য নহয়। উল্লেখযোগ্য যে মধ্যপ্ৰাচ্যৰ আন দেশসমূহৰ দৰে কাটাৰো এখন অতি ৰক্ষণশীল দেশ য’ত সমকামিতা, প্ৰকাশ্যে চুম্বন নিষিদ্ধ, বাক স্বাধীনতা অতি সীমিত, নাৰী-পুৰুষৰ সম অধিকাৰ এতিয়াও অতি দুৰ্লভ। এনে এখন দেশত বিশ্বকাপ ফুটবলৰ দৰে এখন আন্তৰ্জাতিক খেল অনুষ্ঠিত কৰাটো বিশেষকৈ পশ্চিমীয়া দেশসমূহে ভাল নোপোৱাই স্বাভাৱিক।

কিন্তু কাটাৰে কেনেকৈ পালে বিশ্বকাপ ফুটবলৰ আয়োজনৰ স্বত্ব? এয়া ঠিক হৈছিল ২০১০ চনতে, ফিফাৰ কাৰ্য্যালয়ত। সেই সময়ত কাটাৰৰ প্ৰতিদ্বন্দ্বী আছিল আমেৰিকা, জাপান, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়াৰ দৰে দেশ। এই দেশবোৰৰ তুলনাত কাটাৰৰ কোনো যোগ্যতাই নাছিল। না আছিল ফুটবলৰ পৰিবেশ, না আছিল উপযুক্ত সা-সুবিধা। আনকি ২০১০ চনত কাটাৰত আছিল মাত্ৰ এটা ষ্টেডিয়াম। কিন্তু এই কাটাৰেই সকলোকে চেৰ পেলাই আজুৰি আনিলে বিশ্বকাপ ফুটবলৰ আয়োজনৰ স্বত্ব। আৰু এয়া সম্ভৱ হৈছিল একমাত্ৰ টকাৰ জোৰত। কাৰণ কাটাৰ হ’ল তেল আৰু গেছেৰে সমৃদ্ধ বিশ্বৰ এখন অন্যতম সমৃদ্ধিশালী দেশ। সেয়ে একমাত্ৰটকাৰ জোৰতে কাটাৰে সেই সময়ৰ ফিফাৰ সভাপতি ব্লাটাৰৰ সহযোগত আমেৰিকাৰ দৰে শক্তিশালী দেশকো হৰুৱাই ২০২২ চনৰ বিশ্বকাপ আয়োজনৰ স্বত্ব নিশ্চিত কৰিছিল। এতিয়া সেই ব্লাটাৰেই কাটাৰক বিশ্বকাপ আয়োজন কৰিবলৈ দিয়াটো ভুল বুলি কৈছে।

এতিয়া প্ৰশ্ন হ’ল, কাটাৰৰ দৰে এখন সৰু দেশে বিশ্বকাপ ফুটবলৰ দৰে ইমান বৃহৎ পৰিসৰৰ এখন প্ৰতিযোগিতা সঁচাকৈয়ে আয়োজন কৰিব পাৰিবনে? ইমান ডাঙৰ এক প্ৰত্যাহ্বান, তাৰ মোকাবিলা কৰিব পৰাকৈ কাটাৰে নিজকে কেনেদৰে প্ৰস্তুত কৰি তুলিছে?

কাটাৰৰ বাবে আটাইতকৈ ডাঙৰ অসুবিধাটো আছিল ইয়াৰ জলবায়ু। মৰুভূমিৰ দেশ কাটাৰত জুন-জুলাই মাহত তাপমাত্ৰা ৪৫ ডিগ্ৰীৰো অধিক হয়। সেয়ে প্ৰথমবাৰৰ বাবে জুন-জুলাইৰ পৰিৱৰ্ত্তে বিশ্বকাপৰ আয়োজনৰ সময় নৱেম্বৰ- ডিচেম্বৰলৈ পিছুৱাই দিয়া হ’ল। ২০১০ চনত কাটাৰত ষ্টেডিয়াম আছিল মাত্ৰ এটা। এতিয়া তাত ষ্টেডিয়ামৰ সংখ্যা হ’ল ৮টা। এই অতিৰিক্ত ৭টা ষ্টেডিয়াম নিৰ্মাণৰ লগতে অন্যান্য নিৰ্মাণজনিত কামত কাটাৰে খৰচ কৰিছে ১৫০ বিলিয়ন আমেৰেকীয় ডলাৰ। নতুনকৈ নিৰ্মাণ কৰা অত্যাধুনিক লুচাইল ষ্টেডিয়ামত একেলগে আশীহাজাৰ দৰ্শকে বহি খেল চাবপৰাৰ সুবিধা আছে। সুদূৰ আমেৰিকাৰ পৰা খেলপথাৰৰ বাবে প্ৰয়োজনীয় ঘাঁহৰ বীজ অনা হৈছে।

কাটাৰৰ মুঠ জনসংখ্যা হ’ল মাত্ৰ ত্ৰিশ লাখ। আৰু বিশ্বকাপৰ সময়ত ৩২ খন অংশগ্ৰহণকাৰী দেশৰ খেলুৱৈ, অন্যান্য কৰ্মকৰ্তা আৰু সমৰ্থকৰ সংখ্যাই হ’বগৈ এক লাখৰো অধিক। ইমানখিনি মানুহৰ বাবে থকা-মেলাকে ধৰি আন সকলো ব্যৱস্থাপনা যাতে নিয়াৰিকৈ সম্পন্ন হয় তাৰ বাবে যোৱা বাৰটা বছৰে কৰ্ত্তৃপক্ষৰ লগতে কাটাৰবাসীয়েও নিজকে সম্পূৰ্ণৰূপে উজাৰি দিছে। হোটেল, লজ আদি নতুনকৈ নিৰ্মাণ কৰা হৈছে। ১০০০০ মানুহে একেলগে থাকিব পৰাকৈ সাগৰত তিনিখন বিলাসবহুল হোটেল নিৰ্মাণ কৰা হৈছে। আনকি কাটাৰৰ মানুহবোৰেও নিজৰ থকা ঘৰবোৰত অতিথিশালাৰ ব্যৱস্থা কৰিছে। যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ অভূতপূৰ্ব উন্নতি সধা হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ, মাত্ৰ ৫৫ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰতে ডোহা চহৰত এই আঠোটা ষ্টেডিয়াম নিৰ্মাণ কৰি উলিওৱা হৈছে, যাৰ ফলত এজন দৰ্শকে ইচ্ছা কৰিলে একে দিনাই এখনতকৈ অধিক খেল উপভোগ কৰিব পাৰিব। এই সুবিধা পূৰ্বতে কেতিয়াও নাছিল।

এইখিনিতে প্ৰশ্ন উঠিব পাৰে যে সমগ্ৰ বিশ্বকাপখনৰ বাবে কাটাৰে বাৰু মুঠ কিমান টকা খৰচ কৰাৰ সিদ্ধান্ত লৈছে? ২০১৮ চনত ৰাছিয়াত বিশ্বকাপ আয়োজন কৰোঁতে খৰচ হৈছিল সৰ্বমুঠ ১৬ বিলিয়ন ডলাৰ আৰু ২০১৪ চনত ব্ৰাজিলত ১৯.৭ বিলিয়ন ডলাৰ। কিন্তু কাটাৰত হ’বলগীয়া বিশ্বকাপৰ আনুমানিক ব্যয় হৈছে ২২০ বিলিয়ন ডলাৰ। আমাৰ ভাৰতীয় টকাৰ হিচাপত কিমান হ’ব পাৰে আপুনি নিজে অনুমান কৰকচোন!

২০১০ চনতে কাটাৰত বিশ্বকাপ আয়োজনক লৈ যি বিতৰ্কৰ সূত্ৰপাত হৈছিল তাৰ যেন আজিও ওৰ পৰা নাই। ‘দি গাৰ্দিয়ান’ কাকতখনৰ মতে ২০১০ চনৰ পৰা ২০২১ চনৰ ভিতৰত ষ্টেডিয়ামকে ধৰি অন্যান্য নিৰ্মাণ কাৰ্য্যত সৰ্বমুঠ ৬৫০০ ৰো অধিক শ্ৰমিকৰ মৃত্যু হৈছে। এওঁলোকৰ অধিকাংশই হ’ল ভাৰত, বাংলাদেশ আৰু নেপালৰ। দুৰ্ভাগ্যজনক কথা যে এওঁলোকৰ পৰিয়ালৰ কাকো এতিয়ালৈকে কোনোধৰণৰ ক্ষতিপূৰণ দিয়া নহ’ল। নাৰীৰ প্ৰতি থকা বৈষম্যমূলক আচৰণক লৈও যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে। বহুতে এই বাবেই আনকি বিশ্বকাপ বৰ্জনৰ দৰে চৰম সিদ্ধান্তও লৈছে। অতি শেহতীয়াকৈ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া প্ৰখ্যাত পপ গায়িকা কলম্বিয়াৰ ছাকিৰাইও বিশ্বকাপ বৰ্জনৰ সিদ্ধান্ত লৈছে।

তদুপৰি বিশ্বকাপত সুৰা নিষিদ্ধ কৰাক লৈও বহুতে প্ৰশ্ন কৰিছে। অৱশ্যে এই সন্দৰ্ভত শেহতীয়াকৈ ফিফা কৰ্ত্তৃপক্ষ কিছু শিথিল হোৱা বুলি আৰু এবটল বীয়েৰৰ দাম ভাৰতীয় টকাৰ হিচাবত ১২০০ টকা নিৰ্দিষ্ট কৰা হৈছে বুলি জানিব পৰা গৈছে।

এই সকলো বিতৰ্ক সত্ত্বেও কাটাৰ এতিয়া সম্পূৰ্ণৰূপে প্ৰস্তুত বিশ্বকাপৰ বাবে। কাইলৈৰপৰা আৰম্ভ হ’ব বিশ্বকাপৰ মহাৰণ। আৰু আমিও অধীৰ আগ্ৰহ আৰু উৎকন্ঠাৰে বাট চাই ৰ’লোঁ মেছি, নেইমাৰ, ৰোনাল্ডোৰ দৰে বিশ্বৰ মহান তাৰকাসকলৰ ভৰিৰ অপূৰ্ব আৰু যাদুকৰী ক্ৰীড়াশৈলীৰ চমকপ্ৰদ প্ৰদৰ্শনৰ প্ৰতিযোগিতা চাবলৈ।