NORTHEAST NOW (Assamese)

অসমত আৰু ১৫ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৩৪৫লৈ বৃদ্ধি

September 4, 2020 10:51 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

আৰু ১৫গৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শুকুৰবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৩৪৫লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— তিনিচুকীয়াৰ যতীন বৰা (৫৭), ডিব্ৰুগড়ৰ বিজয় ভৌমিক (৫১), শিৱসাগৰৰ যুগল কিশোৰ আগৰৱালা (৬৮) আৰু নিজামুদ্দিন আলি (৬৮), কোকৰাঝাৰৰ পুনিয়া বৈশ্য (৬০), ওদালগুৰিৰ বীৰেন দেবনাথ (৬৫), হোজাইৰ শ্যামলা শুক্লবৈদ্য (৪৭), যোৰহাটৰ শৈলধৰ বৰদলৈ (৮২), কৰিমগঞ্জৰ নিৰঞ্জন দাস (৪৫) আৰু প্ৰীতিষ কান্তি দত্ত (৭০), কোকৰাঝাৰৰ ডালিমী বসুমতাৰী (৪৫), চিৰাঙৰ তিকাৰাম শৰ্মা (৫৪), নগাঁৱৰ বেণুমাই বৰুৱা (৮০), কামৰূপ মহানগৰৰ ধীমেন্দ্ৰ কুমাৰ চেতিয়া (৭৯) আৰু ডিব্ৰুগড়ৰ প্ৰণৱ বৰুৱা (৫৭)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

বৃহস্পতিবাৰলৈকে অসমত ৩৩০গৰাকী ব্যক্তিয়ে ক’ভিডত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ৯০,৬৯৭গৰাকী ব্যক্তিয়ে বৃহস্পতিবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত বৃহস্পতিবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ২৭,৩০৩গৰাকী।

মুঠ ১,১৮,৩৩৩গৰাকী ব্যক্তি অসমত বৃহস্পতিবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছিল।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News