• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত মহিলাক দলবদ্ধ ধৰ্ষণ আৰু নগ্ন কৰি খোজ কঢ়োৱা কাণ্ডৰ পঞ্চম অভিযুক্তক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2023 3:43 pm
1.6k
VIEWS
Share on FacebookShare on Twitter

মণিপুৰত দুগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ আৰু বিবস্ত্ৰা কৰি পথত খোজ কঢ়োৱাৰ  গোচৰত পঞ্চম অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যোৱা ৪ মে’ত এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত বৃহস্পতিবাৰে পুৱা আৰক্ষীয়ে প্ৰথম অভিযুক্তক গ্ৰেপ্তাৰ কৰে। হুইৰাম হেৰোডাছ মেইটি নামৰ ৩২ বছৰীয়া মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। তাৰ পিছত আৰক্ষীয়ে আৰু ৩ জন লোকক গ্ৰেপ্তাৰ কৰে।

এইবাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ১৯ বছৰীয়া যুৱকক। নাম নংসিথোই মেইটি। ইয়াৰ লগে লগে মণিপুৰৰ ভাইৰেল ভিডিঅ’ গোচৰত গ্ৰেপ্তাৰ হোৱা লোকৰ মুঠ সংখ্যা ৫জনলৈ বৃদ্ধি পালে।

লগতে পঢ়ক: অসুস্থ মণিপুৰ! সেইদিনটোতে আৰু দুগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগ

উল্লেখ্য যে মণিপুৰৰ ভাইৰেল ভিডিঅ’ কাণ্ডৰ দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কাকো ৰেহাই দিয়া নহ’ব। সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বাৰ্তা দিয়ে যে কাকো বাদ দিয়া নহ’ব।

মণিপুৰত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ মাজতো প্ৰধানমন্ত্ৰীয়ে কিয় খোলা নোলোৱা বুলি প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে বাৰ্তা দিলে যে অভিযুক্তক তৎক্ষণাত গ্ৰেপ্তাৰ কৰি চৰম ব্যৱস্থা গ্ৰহণ কৰা হ’ব। একে সময়তে মোদীয়ে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সৈতেও কথা পাতিছে বুলি মন্তব্য কৰে। তেওঁ মুখ্যমন্ত্ৰীক কঠোৰ হাতেৰে পৰিস্থিতি চম্ভালিবলৈ নিৰ্দেশ দিয়ে।

ইতিমধ্যে এই দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত প্ৰতিবেদন বিচাৰি মণিপুৰৰ মুখ্য সচিব আৰু ডিজিপিলৈ জাননী প্ৰেৰণ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে। এন এইচ আৰ চিয়ে ৪ সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। তদন্তৰ অগ্ৰগতিকে ধৰি ভুক্তভোগীসকলৰ শাৰীৰিক আৰু সামাজিক অৱস্থাৰ বিশদ প্ৰতিবেদন দিবলৈ কোৱা হৈছে।

লগতে পঢ়ক: মণিপুৰ জ্বলিছে, দুমাহ ধৰি তোমালোকৰ কোনো খবৰ নাই! বলিউডৰ চেলিব্ৰিটিসকলক এজাউৰি লিন লাইশ্ৰমৰ

সূত্ৰৰ পৰা জানিব পৰা মতে, এই ভাইৰেল ভিডিঅ’টো যোৱা ৪ মে’ত লোৱা হৈছিল। তাৰ ঠিক আগতেই মণিপুৰত কুকি আৰু মেইটেইৰ সংঘাত আৰম্ভ হৈছিল। ভিডিঅ’টোত ভুক্তভোগী দুজন কুকি সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে।

 জানিব পৰা মতে, যোৱা ৪ মে’ত মণিপুৰৰ কাংপোকপি জিলাত এই ঘটনা সংঘটিত হৈছিল। ভিডিঅ’টোত দেখা গৈছে যে মহিলা দুগৰাকীয়ে কান্দি কান্দি প্ৰাণভিক্ষা খুজিছিল। কিন্তু তেতিয়াও তেওঁলোকৰ কথা কোনেও শুনা নাছিল।

লগতে পঢ়ক: কোটিৰ ওচৰত! যোৱা জুন পৰ্যন্ত ভাৰতীয় নাগৰিকত্ব এৰা লোকৰ সংখ্যা জানিলে স্তম্ভিত হ’ব আপুনি

অভিযোগ অনুসৰি, দলবদ্ধ ধৰ্ষণৰ পিছত উলংগ কৰি তেওঁলোকক খোজ কঢ়োৱা হয়। সেই ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে আৰক্ষী তৎপৰ হৈ পৰে। ইপিনে, শুকুৰবাৰে মূল অভিযুক্ত হুইৰেম হেৰোডাছ মেইটিৰ ঘৰত উন্মত্ত জনতাই জুই লগাই দিয়ে।

Recent News

বাংলাদেশত ৰাজনীতিবিদৰ দ্বাৰা ধৰ্ষণৰ বলি ২১ বছৰীয়া হিন্দু যুৱতী, গ্ৰেপ্তাৰ ৫ জন

বাংলাদেশত ৰাজনীতিবিদৰ দ্বাৰা ধৰ্ষণৰ বলি ২১ বছৰীয়া হিন্দু যুৱতী, গ্ৰেপ্তাৰ ৫ জন

বিয়া পাতিবলৈ আমেৰিকালৈ যোৱা ২৪ বছৰীয়া ভাৰতীয় যুৱতী নিৰুদ্দিষ্টঃ পৰিয়ালৰ মাজত উদ্বিগ্নতা

বিয়া পাতিবলৈ আমেৰিকালৈ যোৱা ২৪ বছৰীয়া ভাৰতীয় যুৱতী নিৰুদ্দিষ্টঃ পৰিয়ালৰ মাজত উদ্বিগ্নতা

ভয়াবহ ৰূপ লৈছে গাজা-ইজৰাইল সংঘাতে! গাজাত পুষ্টিহীনতাৰ বাবে মৃত্যু প্ৰায় ৬৬টা শিশু

ভয়াবহ ৰূপ লৈছে গাজা-ইজৰাইল সংঘাতে! গাজাত পুষ্টিহীনতাৰ বাবে মৃত্যু প্ৰায় ৬৬টা শিশু

অপৰাধী চিনাক্ত কৰিবলৈয়ো ‘সক্ষম’! ৰাজপথত থকা দেশীয় কুকুৰ ‘টাইগাৰ’ এতিয়া হৈ পৰিল ৰে’ল আৰক্ষীৰ সদস্য

অপৰাধী চিনাক্ত কৰিবলৈয়ো ‘সক্ষম’! ৰাজপথত থকা দেশীয় কুকুৰ ‘টাইগাৰ’ এতিয়া হৈ পৰিল ৰে’ল আৰক্ষীৰ সদস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd