টিহুৰ জঘন্য বলাৎকাৰ কাণ্ড : পঞ্চমজন অভিযুক্তকো গ্ৰেপ্তাৰ আৰক্ষীৰ

PicsArt_10-30-12.33.14

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা টিহুৰ বলাৎকাৰ কাণ্ডৰ পঞ্চমজন অভিযুক্ত মেৰাজুল হক। ফটো : নৰ্থইষ্ট নাও

টিহুত চলন্ত গাড়ীত এগৰাকী বিবাহিতা মহিলাক বলাৎকাৰ কৰা ঘটনাৰ লগত জড়িত অন্তিম পাঁচ নম্বৰ অভিযুক্তজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। টিহু আৰক্ষীয়ে নলবাৰী জিলাৰ আৰিকুছিৰ পৰা সোমবাৰে গ্ৰেপ্তাৰ কৰা অভিযুক্তজনৰ নাম হৈছে মেৰাজুল হক।

ইয়াৰ পূৰ্বে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত আন চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। বলাৎকাৰৰ বলি হোৱা মহিলাগৰাকীৰ ভাষ্যত কোৱা হৈছিল যে মুঠতে পাঁচজন পাষণ্ড ঘটনাটোত জড়িত আছিল। প্ৰথমতে গাড়ীখনত তিনিজন আছিল আৰু পাছত আন দুজনে যোগ দিছিল।

উল্লেখযোগ্য যে যোৱা ২৪ অক্টোবৰত লক্ষ্মী পূজাৰ নিশা এগৰাকী বিবাহিত মহিলাক এখন গাড়ীৰ ভিতৰত ৫ জন নৰপিশাচে দলবদ্ধভাৱে বলাত্‍কাৰ কৰিছিল। উক্ত লোককেইজনে এ এছ-০১-ডি জি-৩০৫৬ নম্বৰৰ এল্ট’ গাড়ীত উঠাই  দলবদ্ধভাৱে ধৰ্ষণ কৰি পাছত হাত-ভৰি বান্ধি টিহু চ’কৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগৰ খাৰাধৰাৰ কৰ্কাবাৰী ফৰেষ্ট গে’টৰ সন্মুখত পেলাই থৈ গৈছিল।

এই ঘটনা সংক্ৰান্তত ভুক্তভোগী মহিলা গৰাকীৰ পৰিয়ালৰ লোকে টিহু আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল।

ইয়াৰ পাছতে আৰক্ষীয়ে তৎপৰতাৰে অভিযান আৰম্ভ কৰি দলটোৰ দুগৰাকী অভিযুক্ত নুৰুল আলী আৰু বকুল নাথক আটক কৰিবলৈ সক্ষম হৈছিল। তাৰপাছত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল আন এজন অভিযুক্ত কিশোৰ মোহন দাস। তেওঁক বাক্সা জিলাৰ মুছলপুৰৰ গলবিলৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। উক্ত যুৱকজনৰ এল্ট’ বাহনতে দলবদ্ধ ধৰ্ষণকাণ্ডটো সংঘটিত হৈছিল।

আনহাতে, ঘটনাত জড়িত চতুৰ্থজন অভিযুক্ত ৰূপধন আলীক ৰঙিয়াৰ পুঠিমাৰীৰ পৰা টিহু আৰক্ষীয়ে আটক কৰিছিল। সোমবাৰে, ঘটনাৰ লগত জড়িত অন্তিম পাঁচ নম্বৰ অভিযুক্ত মেৰাজুল হকক গ্ৰেপ্তাৰ কৰাৰ লগে লগে আটাইকেইজন অভিযুক্তকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল।