ধৰ্ষণ: পঞ্চমজন অভিযুক্তক গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ

Fifth accused of minor gang rape arrested in Dibrugarh

প্ৰতিনিধিত্বমূলক ফটো

ডিব্ৰুগড় আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰিছে এগৰাকী নাবালিকা ধৰ্ষণত অভিযুক্ত পঞ্চমজন ব্যক্তিক।

গ্ৰেপ্তাৰ কৰা লোকজন হৈছে ডিব্ৰুগড় নতুন বস্তি চানমাৰি ঘাটৰ শচীন ৰায় (২০)।

গোচৰটোত ইতিমধ্যে আৰক্ষীয়ে বিকি ৰায়, বিকাশ ৰায়, প্ৰবীণ দাস আৰু মনোজ থাপাক গ্ৰেপ্তাৰ কৰিছিল।

“নাবালিকা ধৰ্ষণৰ ঘটনা সন্দৰ্ভত আমি এতিয়ালৈকে পাঁচজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছো। তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আমি সমগ্ৰ ঘটনাটো তদন্ত কৰি আছো আৰু কাৰোবাক দোষী পালে আইনমতে আমি ব্যৱস্থা ল’ম,” এগৰাকী আৰক্ষী বিষয়াই জনায়।

ঘটনাটো সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধিৰ 341/366A/376 DA/448/506/34 ধাৰা আৰু POCSO ACT sec 4ত এক গোচৰ (নং 989/2020) পঞ্জীয়ন কৰা হৈছে।

নাবালিকাগৰাকী যোৱা ১৯ জুনত তেওঁৰ বায়েকৰ ঘৰলৈ আহি থকা অৱস্থাত ধৰ্ষণৰ বলি হৈছিল।

আৰক্ষীৰ মতে, এখন চাহ বাগানৰ সমীপত নাবালিকাগৰাকীক বলপূৰ্বকভাৱে টানি লৈ গৈ এই লোককেইজনে ধৰ্ষণ কৰিছিল।

পিছত ছোৱালীগৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষীক ঘটনাটোৰ বিষয়ে জনাইছিল।