NORTHEAST NOW (Assamese)

কাজিৰঙাত ৩০ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব কেন্দ্রীয় চৰকাৰৰ স্বাস্থ্য সংস্থাৰ ৰাষ্ট্ৰীয় সন্মিলন

October 26, 2018 8:17 am · উত্তম শইকীয়া
ফাইল ফটো

কেন্দ্ৰীয় চৰকাৰৰ “গুড এণ্ড ৰেপ্লিকেৱল প্ৰেক্ট্ৰিচ এণ্ড ইন’ভেশ্যন ইন পাব্লিক হেল্থ কেয়াৰ ছিছটেম ইন ইণ্ডিয়া” ৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলন খন চলিত মাহৰ ৩০ তাৰিখৰ পৰা কাজিৰঙাৰ বৰগছ নামৰ বিলাসী হোটেলখনত অনুষ্ঠিত হ’ব।

অহা ৩০ অক্টোবৰত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই সন্মিলনখনৰ শুভ উদ্বোধন কৰিব। উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মূখ্য অতিথি ৰূপে উপস্থিত থকাৰ লগতে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কৃষি ও পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীও উপস্থিত থাকিব।

সন্মিলনখনত ভাৰত চৰকাৰৰ  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব, কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া, বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰসমূহৰ  অতিৰিক্ত মুখ্য সচিব, প্ৰধান সচিব, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মিশ্যন সঞ্চালকসকল তথা অন্যান্য উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

Related News