NORTHEAST NOW (Assamese)

২৯ জানুৱাৰিৰ পৰা আৰম্ভ হ’ব সপ্তদশ লোকসভাৰ পঞ্চম অধিবেশন

January 14, 2021 8:42 pm · এন ই নাও নিউজ

অহা ২৯ জানুৱাৰিৰ পৰা আৰম্ভ হ’ব সপ্তদশ লোকসভাৰ পঞ্চম অধিবেশন। আৰু ৮ এপ্ৰিলত অধিবেশনৰ সামৰণি পৰাৰ সম্ভাৱনা আছে।

অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে অৰ্থাৎ ২৯ জানুৱাৰিৰ ৰাতিপুৱা দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উভয় সদনকে সম্বোধন কৰিব।

জানিব পৰা মতে ১ ফেব্ৰুৱাৰিৰ দিনৰ ১১ বজাত কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। লোকসভা সচিবালয়ে এই কথা জনায়।

ইফালে স্থায়ী সমিতি সমূহক মন্ত্ৰ্যালয় আৰু বিভাগসমূহৰ অনুদানৰ দাবী বিবেচনা কৰি তেওঁলোকৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে অধিবেশনখন পুনৰ ১৫ ফেব্ৰুৱাৰিৰ পৰা ৭ মাৰ্চলৈ স্থগিত কৰা হ’ব।

ইয়াৰ পিছত ৮ মাৰ্চৰ পৰা সংসদৰ অধিবেশন পুনৰ আৰম্ভ কৰা হ’ব, যিটো ৮ এপ্ৰিললৈ চলিব পাৰে।

Related News