ভাৰত-ইংলেণ্ডৰ টেষ্ট শৃংখলাৰ চূড়ান্ত মেচৰ দিন ঘোষণা, অহা বৰ্ষৰ জুলাইত অনুষ্ঠিত হ’ব পঞ্চম টেষ্ট

England VS India Test Series

যোৱা মাহত ক’ভিদৰ প্ৰাদুৰ্ভাৱৰ বাবে স্থগিত ৰখা ভাৰত আৰু ইংলেণ্ডৰ মাজত পঞ্চম তথা অন্তিম টেষ্ট অহা বছৰৰ জুলাইত অনুষ্ঠিত হ’ব। আজি এই কথা সদৰী কৰিছে ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট বোৰ্ডে।

ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট বোৰ্ড(ECB)- এ ঘোষণা কৰে যে খেলখন মানচেষ্টাৰৰ পৰা এজবাষ্টনলৈ স্থানান্তৰিত কৰা হৈছে আৰু ই ভাৰতৰ সীমিত অভাৰৰ ক্ৰিকেট শৃংখলাৰ বাবে ইংলেণ্ড ভ্ৰমণৰ সময়ত অনুষ্ঠিত হ’ব।

খেলখন ২০২২ বৰ্ষৰ ১ জুলাইৰ পৰা অনুষ্ঠিত হ’ব।

ইচিবিয়ে এক বিবৃতিত কয়, “ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ড (ইচিবি) আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) মাজত হোৱা আলোচনাৰ পিছত এতিয়া ১ জুলাই, ২০২২ ৰ পৰা এজবাষ্টনত পঞ্চমখন খেলৰ দিন নিৰ্ধাৰণ কৰা হয়।”

পূৰ্বে বাতিল হোৱা টেষ্টৰ টিকট ক্ৰয় কৰা দৰ্শকসকলে নতুনকৈ টিকট ক্ৰয় কৰিব নালাগে বুলি জনায় ইচিবিয়ে।

যোৱা মাহত বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত স্পষ্ট কৰি দিছিল যে পুনৰ নিৰ্ধাৰিত মেচখন পূৰ্বৰ শৃংখলাটোৰে সম্প্ৰসাৰণ হ’ব। এই টেষ্টখনক একক শৃংখলাৰ টেষ্ট হিচাপে অনুষ্ঠিত কৰা নহয়।

গাংগুলীয়ে মন্তব্য কৰিছিল যে, “আমি শৃংখলাটো সম্পূৰ্ণ হোৱাটো বিচাৰো কিয়নো ২০০৭ চনৰ পৰা এইটো ইংলেণ্ডত আমাৰ প্ৰথম শৃংখলা জয় হ’ব ।”

উল্লেখ্য যে ইংলেণ্ড ভ্ৰমণৰত ভাৰতীয় দলৰ প্ৰশিক্ষক ৰবি শ্ৰাস্ত্ৰীৰ লগতে দলৰ কেইবাজনো সহায়কৰ শৰীৰত কোভিড-১৯ ধৰা পৰাৰ পিছত শৃংখলাৰ অন্তিম টেষ্টখন বাতিল হৈছিল। সেই সময়ত ভাৰতীয় দল শৃংখলাত ২-১ ব্যৱধানত আগবাঢ়ি আছিল।