NORTHEAST NOW (Assamese)

৪৭ বছৰে ৫০ টা পৰিয়ালে সমবায় ভিত্তিত খেতিবাতিৰে দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন

July 25, 2021 2:16 pm · ইয়াছিন আলী
ফটো: নৰ্থইষ্ট নাও।

যিসময়ত কৰোণা মহামাৰীৰ বাবে স্তব্ধ হৈ পৰিছে জীৱন তেনে সময়তে এক সুখৰ খবৰ কঢ়িয়াই আনিছে একাংশ মহিলাই।

বঙাইগাঁও জিলাৰ মাণিকপুৰ মহকুমাৰ  অৰ্ন্তগত ১নং ঝাউবাৰী গোসাঁই পাৰা কৃষি সমবায় সমিতিখনৰ  ৫০ টা পৰিয়ালৰ লোকে মিলি ৫২ বিঘা মাটিত ৪৭ বছৰে কৃষি কাৰ্য্যৰ লগতে দুই বিঘা মাটিত মীন পালন কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

কৃষি কাৰ্যৰ মাধ্যমত বৰ্তমান ৫০ টা পৰিয়াল প্ৰত্যক্ষভাৱে উপাৰ্জন কৰি আহিছে।

সুদীৰ্ঘ ৪৭ বছৰে বিজনী ৰাজহচক্ৰৰ কাৰ্যালয়ত নিয়মীয়াকৈ খাজনা আদায় দি আহিছে যদিও চৰকাৰীভাৱে কোনো ধৰণৰ সহায় পোৱা নাই বুলি জানিবলৈ দিয়ে  সদস্যসমূহে।

আজি সমবায়খনৰ মহিলা সকলে মিলি অন্তিম দিনৰ বাবে পথাৰত গীত গাই গাই ভূই ৰুই থকা পৰিলক্ষিত হয়। তেওঁলোকে পথাৰত সমূহীয়াভাৱে ৫২ বিঘা মাটিত ভূই ৰুইছে বুলি জানিব দিয়ে।

সমবায় সমিতিখনৰ এখন সমুহীয়া ভৱন, অনাময় আঁচনি, ট্ৰেক্টৰ, পাৱাৰটিলাৰ আদি সামগ্ৰীৰ অভাৱ আছে। সমস্যা সমুহ সমাধান কৰি দিবলৈ জনপ্ৰতিনিধি, জিলা প্ৰশাসন তথা চৰকাৰক দাবী জনাইছে কৃষক ৰাইজে।

পথাৰতে বিহু গোৱাৰ লগতে একেলগে চাহ খাই আনন্দত মতলীয়া হৈ ৰ’দ বৰষুণ নেওচি ভূই ৰুইছে ৰোৱনীসকলে। সমবায়খনত চৰকাৰৰ সহায়ৰ হাত বিচাৰিছে প্ৰতিজন সদস্যই।

Related News