শিৱসাগৰৰ ঐতিহাসিক স্থানসমূহ চেনিটাইজ কৰি জন্মদিন পালন কৰিলে লাকী গগৈয়ে

ৰাজ্যিক মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা তথা শিৱসাগৰৰ জীয়াৰী লাকী গগৈৰ আজি জন্মদিন উপলক্ষে গ্ৰহণ কৰিলে এক প্ৰশংসনীয় পদক্ষেপ।
শিৱসাগৰৰ ঐতিহাসিক শিৱদ’ল চৌহদ, ৰংঘৰ, তলাতল ঘৰ, ৰংগনাথ দ’ল, জয়সাগৰ তিনিআলি, শিৱসাগৰ অসামৰিক চিকিৎসালয়, ৰংঘৰ চাৰিআলিত তেওঁ সম্পূৰ্ণ নিজা খৰচেৰে চেনিটাইজ কৰে।
জন্মদিন উপলক্ষে কেক কাটি বা চাহ মিঠাই খাই পালন কৰাৰ পৰিৱৰ্তে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হয় বুলি লাকী গগৈয়ে  জানিবলৈ দিয়ে।
গগৈৰ এই কাৰ্য্যত তেওঁক শিৱসাগৰৰ যুৱ সাংবাদিক সমীৰণ বৰদলৈ, ৰাতু কুমাৰ দাস সমাজসেৱীকা ইপ্সিতা বৰুৱাই সহযোগ কৰে।
ইয়াৰ উপৰি তেওঁৰ এই প্ৰশংসনীয় কাৰ্য্যৰ সমগ্ৰ শিৱসাগৰবাসীয়ে শলাগ লৈছে।
উল্লেখযোগ্য যে লাকী গগৈয়ে ক’ৰ’না ভাইৰাছ বিৰোধী যুঁজত সন্মুখৰ পৰা নেতৃত্ব দিয়া সাংবাদিকসকলৰ সুৰক্ষাৰ বাবে সোমবাৰে শিৱসাগৰৰ সকলো সাংবাদিকক চেনিটাইজাৰ আৰু একোখনকৈ খাদী মাস্ক বিতৰণ কৰিছিল।