NORTHEAST NOW (Assamese)

Fight in Flight: কলকাতা-বেংকক বিমানত মাজ আকাশতে মাৰপিটত লিপ্ত যাত্ৰী; চাওক ভাইৰেল ভিডিঅ’

December 29, 2022 11:07 am · এন ই নাও নিউজ, গুৱাহাটী

মাজ আকাশতে লাগিল কাজিয়া, তাৰ পিছত মাৰপিট! বেংককৰ পৰা কলকাতালৈ যোৱা এখন বিমানত সংঘটিত হৈছিল ঘটনাটো। ঘটনাটো ২৭ ডিচেম্বৰত সংঘটিত হৈছিল। ঘটনাটোৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ঘটনাটো থাই স্মাইল এয়াৰৰ বিমানত সংঘটিত হৈছিল।

ভাইৰেল ভিডিঅ’টোত এগৰাকী বিমান সেৱিকাই দুজন লোকক যুঁজৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰা দেখা গৈছে। পাব্লিক এনাইন্সমেন্ট চিষ্টেমৰ পৰাও ‘অনুগ্ৰহ কৰি বন্ধ কৰক’ বুলি কোৱা শুনিব পোৱা গৈছে। কিন্তু বিমানৰ আন যাত্ৰী আৰু বিমান কৰ্মীসকলৰ উদ্বেগ বৃদ্ধি কৰি দুয়োজন লোকৰ মাজত মাজ আকাশতে কাজিয়া অব্যাহত থাকে।

লগতে পঢ়ক: ভাৰতত প্ৰস্তুত কৰা কফ চিৰাপ সেৱনৰ ফলত উজবেকিস্তানত কমেও ১৮ টি শিশুৰ মৃত্যুৰ অভিযোগ

যদিও ঘটনাটো দেখি যথেষ্ট আমোদজনক যেন লাগিছে, প্ৰকৃততে ই এক অতি চিন্তনীয় বিষয়। এনেধৰণৰ ঘটনাৰ বাবে আন্তৰ্জাতিক বিমান সেৱাৰ সংস্থাসমূহৰ মাজত ভাৰতীয়সকলৰ নাম অধিক বদনামী হৈ আহিছে।

ভাইৰেল ভিডিঅ’টোত দুয়োজন লোকক তৰ্ক-বিতৰ্কত লিপ্ত হোৱা দেখা গৈছে। এগৰাকী এয়াৰ হোষ্টেছ আহি তেওঁলোকক শান্ত কৰিবলৈ চেষ্টা কৰে। দুয়োজন ব্যক্তিৰ এজনে কোৱা শুনা গৈছে, “আপোনাৰ হাত তললৈ ৰাখক।” মৌখিক বাক-বিতণ্ডা মুহূৰ্ততে হতাহতিলৈ ৰূপান্তৰিত হয়। দেখা গৈছে যে সমস্যাত জড়িত এজন মানুহে তেওঁৰ চশমা খুলিছিল। তাৰ পিছত তেওঁ আনজন ব্যক্তিক থপৰিয়াবলৈ আৰম্ভ কৰিলে।

ইপিনে, আনজন ব্যক্তিক তেওঁক প্ৰহাৰ কৰা দেখা নাছিল। তেওঁ কেৱল সেই প্ৰহাৰৰ পৰা মুখখন সুৰক্ষিত কৰি আছিল। আন যাত্ৰী আৰু বিমান সেৱকসকলে মানুহজনক শান্ত হ’বলৈ অনুৰোধ কৰিছিল। অৱশেষত এগৰাকী এয়াৰ হোষ্টেছে দুয়োকে পৃথক কৰিবলৈ সক্ষম হৈছিল।

কেইদিনমান পূৰ্বে ইণ্ডিগো এয়াৰলাইনছৰ এটা ভিডিঅ’ পোহৰলৈ আহিছিল। তাত এজন যাত্ৰীক বিমান সেৱিকাৰ ওপৰত চিঞৰি ক্ষোভ উজাৰি থকা দেখা গৈছিল। ইয়াৰ প্ৰত্যুত্তৰত বিমান সেৱিকাই যাত্ৰীজনৰ সৈতে তৰ্কত লিপ্ত হৈছিল। অভিযোগ কৰা হৈছিল যে যাত্ৰীজনে বিমান সেৱিকাসকলৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল।

Related News