চুম্বনৰ দৃশ্যৰ বাবে বিপদত ‘ফাইটাৰ’! বায়ুসেনাৰ বিষয়াই জাৰি কৰিলে জাননী

Fighter

হৃতিক ৰোশন আৰু দীপিকা পাডুকন অভিনীত বলীউদৰ সদ্যমুক্তিপ্ৰাপ্ত ছবি ‘ফাইটাৰ’- এ সম্প্ৰতি ছবিগৃ্হত দৰ্শকৰ আকাংক্ষিত সফলতা লাভ কৰিছে। বাণিজ্যিকভাৱে এক কথাত সফল হৈছে ছবিখন।

পিছে তাৰ মাজতে ছবিখনে এক আইনী সমস্যাৰো সন্মুখীন হৈছে। ‘ফাইটাৰ’ৰ দুই মূল চৰিত্ৰ হৃতিক ৰোশন আৰু দীপিকা পাডুকনক এটা দৃশ্যত দেখা গৈছিল ওঁঠত ওঁঠ থৈ চুম্বনৰত অৱস্থাত।

এই দৃশ্যটোৰ বাবে ‘ফাইটাৰ’- এ এক আইনী জাননী লাভ কৰিছে। অসমৰ বায়ুসেনাৰ বিষয়া সৌম্য দীপ দাসে ছবিখনৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে এই জাননী জাৰি কৰি কৰিছে।

বিষয়াগৰাকীয়ে উক্ত চুম্বনৰ দৃশ্যটোৱে ভাৰতীয় বায়ুসেনাক অপমান কৰা বুলি দাবী কৰি আইনী জাননী কৰিছে। জাননীখনত কোৱা হৈছে, “বায়ুসেনাৰ ইউনিফৰ্ম কেৱল কাপোৰৰ টুকুৰা নহয়।”

“এই ইউনিফৰ্মযোৰ কৰ্তব্য, ৰাষ্ট্ৰীয় সুৰক্ষা আৰু নিস্বাৰ্থ সেৱাৰ প্ৰতি অটল প্ৰতিশ্ৰুতিৰ এক শক্তিশালী প্ৰতীক। ই আমাৰ ৰাষ্ট্ৰৰ সুৰক্ষাৰ বাবে ত্যাগ, অনুশাসন আৰু অটল সমৰ্পণৰ সৰ্বোচ্চ আদৰ্শক মূৰ্ত কৰি তুলিছে।”- এইদৰে উল্লেখ কৰা হৈছে জাননীখনত।

ব্যক্তিগত ৰোমান্টিক সম্পৰ্কৰ প্ৰচাৰ কৰা এটা দৃশ্যৰ বাবে এই পৱিত্ৰ প্ৰতীক ব্যৱহাৰ কৰি ফাইটাৰে ইউনিফৰ্মযোৰৰ অন্তৰ্নিহিত মৰ্যাদাক সম্পূৰ্ণৰূপে ভুলকৈ উপস্থাপন কৰে আৰু দেশৰ সেৱাত নিয়োজিত অগণন বিষয়াই কৰা গভীৰ ত্যাগক অপমান কৰে বুলি জাননীখনত দাবী কৰা হৈছে।

উল্লেখ্য যে, ২০১৯ চনৰ পুলৱামা আক্ৰমণ, ২০১৯ চনৰ বালাকোট বিমান আক্ৰমণ, আৰু ২০১৯ চনৰ ভাৰত-পাকিস্তান সীমান্তৰ সংঘৰ্ষৰ কথা ফাইটাৰত। ছবিখন পৰিচালনা কৰিছে সিদ্ধাৰ্থ আনন্দে।

হৃতিক-দীপিকাৰ লগতে ফাইটাৰত অনিল কাপুৰ, কৰণ সিং গ্ৰোভাৰকো দুটা মুখ্য চৰিত্ৰত দেখ গৈছে। যোৱা ২৫ জানুৱাৰীত মুক্তি পোৱা ফাইটাৰে বিশ্বজুৰি ৩৫০ কোটি টকা সংগ্ৰহৰ দিশত আগবাঢ়িছে।