বৰ্ষীয়ান চলচ্চিত্ৰ নিৰ্মাতা, চিত্ৰ শিল্পী গৌৰী বৰ্মনৰ দেহাৱসান; মুখ্য মন্ত্ৰী সোণোৱালৰ শোকপ্ৰকাশ

গৌৰী বৰ্মন, উৎস-ইণ্টাৰনেট

বৰ্ষীয়ান অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰ শিল্পী গৌৰী বৰ্মনৰ বৃহস্পতিবাৰে ৰাতিপুৱা পৰলোকপ্ৰাপ্তি ঘটে।

গুৱাহাটীৰ তৰুণ নগৰস্থিত নিজা বাসগৃহত বৰ্ষীয়ান শিল্পী গৰাকীৰ ৮৪ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।

গৌৰী বৰ্মন প্ৰাক্তন মন্ত্ৰী ৰমনি বৰ্মনৰ জ্যেষ্ঠ ভাতৃ আছিল।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ্ষীয়ান চলচ্চিত্ৰ নিৰ্মাতা গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

‘‘যশস্বী চলচ্চিত্ৰ নিৰ্মাতা গৌৰী বৰ্মনৰ বিয়োগত মৰ্মাহত হৈছো। তেওঁৰ কৰ্মৰাজিয়ে অসমীয়া চলচ্চিত্ৰ, কলা আৰু সংস্কৃতিক চহকী কৰি থৈ গৈছে। তেওঁৰ বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে মই শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গবীৰ সমবেদনা জ্ঞাপন কৰিছো,’’ মুখ্য মন্ত্ৰী সোণোৱালে টুইট কৰি এইদৰে লিখে।

গৌৰী বৰ্মনে অপৰাজিতা, জীৱন জেউতিকে ধৰি সাতখনকৈ সফল অসমীয়া চলচ্চিত্ৰ নিৰ্মান কৰিছিল।

সদ্যপ্ৰয়াত বৰ্মনে অসমীয়া পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰৰ লগতে ৩০ খনতকৈ অধিক তথ্যচিত্ৰ আৰু ভালেসংখ্যক টেলিভিশ্যন ধাৰাবাহিকো নিৰ্মাণ কৰিছিল।

গৌৰী বৰ্মনৰ বিয়োগত অসম নাট্য সন্মিলনেও গভীৰ শোক প্ৰকাশ কৰে।