NORTHEAST NOW (Assamese)

গুৱাহাটীত ফিল্মফেয়াৰ এৱৰ্ডছ ২০২০, সোমবাৰে চুক্তি

November 24, 2019 9:55 pm · কল্পজ্যোতি শইকীয়া
Updated: November 24, 2019 10:08 pm
ফিল্মফেয়াৰ এৱৰ্দ ২০১৮ৰ ছবি। সৌজন্য-- উইকিমিদিয়া কমনছ।

অসমৰ পৰ্য্যটন বিভাগে গুৱাহাটীত অনুষ্ঠিত হ’ব লগা ফিল্মফেয়াৰ এৱৰ্ডছ ২০২০ৰ বাবে সোমবাৰে টাইমছ অৱ ইণ্ডিয়া গ্ৰুপৰ সৈতে চুক্তি কৰিব।

ভিভান্তা গুৱাহাটী হোটেলত এই চুক্তি স্বাক্ষৰিত হ’ব।

অনুষ্ঠানটো টাইমছ অৱ ইণ্ডিয়া গ্ৰুপৰ পৰিচালন সঞ্চালক বিনীত জৈন, অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পৰ্য্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম উপস্থিত থাকিব।

১৫ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’বলগীয়া ফিল্মফেয়াৰ এৱৰ্ডছ ২০২০ত অসমৰ পৰ্য্যটন বিভাগ থাকিব ডেষ্টিনেচন পাৰ্টনাৰ হিচাপে।

মুম্বাইৰ বাহিৰত এইটোৱেই হ’ব ফিল্মফেয়াৰৰ প্ৰথমটো বঁটা প্ৰদান অনুষ্ঠান, জনায় অসম পৰ্য্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।

অনুষ্ঠানটোৰ নামত সমস্যাপীড়িত ৰাজ্য অসমৰ বহুধন খৰচ হ’ব বুলি বহুলোকে আপত্তি কৰিছে যদিও বৰুৱাই ইয়াৰ আন এক দিশ কৈছে।

“যোৱাবছৰ ফিল্মফেয়াৰৰ ৰীচ্চ (reach) আছিল ২০০ কোটি মানুহ। ২০০ কোটি মানুহৰ মাজলৈ অসমৰ পৰ্য্যটনৰ ক্ষেত্ৰসমূহক নিবলৈ বহুত ডাঙৰ খৰচ এটা হ’ব। ২০০ কোটি মানুহৰ ওচৰলৈ নিবলৈ ৩০০ ৰ পৰা ৪০০ কোটি টকা লাগিব। এজন মানুহৰ ওচৰলৈ ডেৰ টকাৰ পৰা ২ টকা পৰ্য্যন্ত লাগিব। তাৰে ১০ ভাগৰ এক অংশ অসম পৰ্য্যটনে দিব লাগিব আৰু বাকী ৯ অংশ টাইমছ অব ইণ্ডিয়াই বহন কৰিব,” বৰুৱাই কয়।

৪০০ কোটি টকাৰ ১০ ভাগৰ ১ অংশ হিচাপে যদি ধৰা হয় তেন্তে অসমৰ পৰ্য্যটন বিভাগে খৰচ কৰিব লাগিব ৪০ কোটি টকা।

বৰুৱাই কয় যে, ডেষ্টিনেশ্যন পাৰ্টনাৰ হিচাপে অসম পৰ্য্যটনৰ লক্ষ্য বলিউডৰ জনপ্ৰিয় তাৰকাসকলৰ জৰিয়তে নিজকে মানুহৰ মাজলৈ লৈ যোৱা।

“ফিল্মফেয়াৰ চোৱাসকলে অচাম আছাম দেখিব, অসমৰ পৰ্য্যটন ক্ষেত্ৰসমূহ দেখিব,” বৰুৱাই কয়।

“কেৱল পৰ্য্যটন ক্ষেত্ৰতেই নহয় অসমৰ সংস্কৃতি, চিনেমা জগতলৈয়ো ই বৃহৎ পৰিমাণৰ অৰিহণা আগবঢ়াব।”

বঁটা প্ৰদান অনুষ্ঠানটোৰ বাবে এতিয়াও গুৱাহাটীত স্থান ঠিক কৰা হোৱা নাই।

“টাইমছ অৱ ইণ্ডিয়া গ্ৰুপৰ প্ৰতিনিধিয়ে আহি গুৱাহাটীৰ তিনিটা স্থান দৰ্শন কৰি গৈছে,” বৰুৱাই কয়।

বৰুৱাৰমতে, ১০হাজাৰ লোকে এই অনুষ্ঠান লাইভ উপভোগ কৰিব পাৰিব আৰু অসমৰ ৰাইজৰ বাবে টিকেটৰ আচুতীয়া ব্যৱস্থা কৰা হ’ব।

তাৰোপৰি, বুক মাই শ্ব’ৰ জৰিয়তেও ফিল্মফেয়াৰ এৱৰ্ডছৰ টিকেট ক্ৰয় কৰিব পাৰিব বুলি বৰুৱাই জনায়।

খবৰমতে, চলমান খান, শ্বাহৰুখ খান, দীপিকা পাদুকনকে আদি কৰি বলিউদৰ বহু তাৰকা অনুষ্ঠানটোত উপস্থিত থাকিব।

Related News