বিহালী আৰু বিশ্বনাথ সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ

বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্য্যালয়ত বিশ্বনাথ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই বিশ্বনাথ আৰু বিহালী সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা সন্দৰ্ভত সম্বোধন কৰে এখন সংবাদমেল ।

ইতিমধ্যে যোৱা কিছুদিনৰ পৰা ভোটাৰ তালিকাৰ সৈতে জড়িত দাবী আৰু আপত্তি দাখিল কৰা, দাবী আৰু আপত্তিৰ নিষ্পত্তি, নাম কৰ্তন কৰা বা আপত্তি উত্থাপন কৰা, যিকোনো বিৱৰণ , একেটা সমষ্টিৰ এটা ভোটকেন্দ্ৰৰ পৰা আন এটালৈ নাম স্থানান্তৰ কৰা ইত্যাদি প্ৰক্ৰিয়া সমূহ চলি আছিল ।

তাৰেই পৰিপ্ৰেক্ষিতত আজি বিশ্বনাথ জিলাৰ বিহালী আৰু বিশ্বনাথ সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হয় ।

সংবাদমেলত ০৫ জানুৱাৰী ২০২২ পৰ্যন্ত দুটাকৈ সমষ্টি ক্ৰমে বিশ্বনাথত ১,৬৮,১৮১ আৰু বিহালীত ১,২৭,১০৬ ভোটাৰ থকাৰ কথা সদৰি কৰে জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।