শিৱসাগৰ নিৰ্বাচনী জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ফটো-সম্বলিত চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

শিৱসাগৰ নিৰ্বাচনী জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ১০৩ নং আমগুৰি, ১০৭ নং থাওৰা আৰু ১০৮ নং শিৱসাগৰৰ চূড়ান্ত ফটো-সম্বলিত ভোটাৰ তালিকা আজি আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰা হয়।

চূড়ান্ত ফটো-সম্বলিত ভোটাৰ তালিকাখন আনুষ্ঠানিকভাৱে প্ৰকাশ কৰি আজি শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) বিতোপন নেওগে তেওঁৰ কাৰ্যালয় কক্ষত এখন সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে কয় যে, ১ জানুৱাৰী, ২০২২ -ক ভিত্তি বৰ্ষ হিচাপে লৈ প্ৰকাশিত চূড়ান্ত ফটো-সম্বলিত ভোটাৰ তালিকা মৰ্মে, ৬ নং প্ৰপত্ৰযোগে ১০,৮৯৬ গৰাকী ভোটাৰে নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিছিল, ৭ নং প্ৰপত্ৰযোগে ৬,৩৩৪ গৰাকীয়ে নাম কৰ্তন, ৮ নং প্ৰপত্ৰযোগে ৩,২৪৩ গৰাকীয়ে শুধৰণি আৰু ৮(ক) নং প্ৰ-পত্ৰযোগে ৪৮৬ গৰাকীয়ে সমষ্টিৰ ভিতৰতে নাম স্থানান্তৰকৰণৰ বাবে আবেদন কৰিছিল।

তেওঁ উল্লেখ কৰে যে, ১০৩ নং আমগুৰি বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাত ১৮৫৫ গৰাকী ভোটাৰ, ১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাত ১৭২৪ গৰাকী ভোটাৰ আৰু ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাত ৬২৮ গৰাকী ভোটাৰৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে।

সংবাদমেলত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে চূড়ান্ত ফটো-সম্বলিত ভোটাৰ তালিকা মৰ্মে ১০৩ নং আমগুৰি বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,২৫,৯৮৯ গৰাকী (ইয়াৰে ৬২,৭৪৬ গৰাকী পুৰুষ, ৬৩,২৪২ গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিঙ্গৰ); ১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,১৭,৬৯৪ গৰাকী (ইয়াৰে ৫৯,৩০৯ গৰাকী পুৰুষ আৰু ৫৮,৩৮৫ গৰাকী মহিলা); আৰু ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৫২,৫৩৪ গৰাকী (ইয়াৰে ৭৫,৭৫৬ গৰাকী পুৰুষ আৰু ৭৬,৭৭৮ গৰাকী মহিলা) বুলি সদৰি কৰে। সংবাদমেলত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে চূড়ান্ত ফটো-সম্বলিত ভোটাৰ তালিকা জিলাখনৰ সকলো ৰাজনৈতিক দলক প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে।

তেওঁ লগতে কয় যে, চূড়ান্ত ফটো-সম্বলিত ভোটাৰ তালিকাখন অনলাইন যোগেদি ceoassam.nic.in ৱেবচাইটটো উপলব্ধ হোৱাৰ উপৰিও উপায়ুক্ত কাৰ্য্যালয়ৰ নিৰ্বাচন শাখাত, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত, সহকাৰী নিৰ্বাচক পঞ্জীয়ন বিষয়াৰ কাৰ্য্যালয়ত আৰু বুথ পৰ্যায়ৰ বিষয়াসকলৰ ওচৰত উপলব্ধ হ’ব। তদুপৰি, ভোটাৰ সকলে nvsp.in পৰ্টেল আৰু ভোটাৰ হেল্পলাইন মোবাইল এপৰ যোগেদিও চূড়ান্ত ফটো-সম্বলিত ভোটাৰ তালিকাত নিজৰ নাম আৰু বিৱৰণ প্ৰত্যক্ষ কৰিব পাৰিব বুলিও তেওঁ অৱগত কৰে।

উল্লেখযোগ্য যে, শিৱসাগৰ নিৰ্বাচনী জিলাত ৫১২ টা ভোটগ্ৰহণ কেন্দ্ৰৰ বিপৰীতে তিনিগৰাকী নিৰ্বাচক পঞ্জীয়ন বিষয়া, ৩০ গৰাকী সহকাৰী নিৰ্বাচক পঞ্জীয়ন বিষয়া, ৩১ গৰাকী বুথ পৰ্যায়ৰ বিষয়া পৰ্যবেক্ষক নিয়োজিত কৰা হৈছে।