মৰিগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

a mori

আজি মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত পুৱা ১০ বজাত জিলা উপায়ুক্ত  লীনা দাসৰ সঞ্চালনাত এখন সভা অনুষ্ঠিত হয়  ।

সভাত বিভিন্ন ৰাজনৈতিক দলৰ  প্ৰতিনিধি সকলৰ উপস্থিতিত  মৰিগাঁও জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা  প্ৰকাশ কৰা হয় ।

উল্লেখ্য যে ইংৰাজী ০১৷০১৷২০২১ তাৰিখটো ভিত্তি বৰ্ষ হিচাপে লৈ উক্ত তালিকা খন প্ৰস্তুত কৰা হৈছে ।

ৰাইজে চাব পৰাকৈ জিলা খনৰ তিনিওটা সমষ্টিৰ নিৰ্বাচক পঞ্জীয়ন পদাধিকাৰীৰ কাৰ্যালয়ত এই চূড়ান্ত ভোটাৰ তালিকা খন ৰখা হৈছে ।

আজিৰ সভাত অতিৰিক্ত  উপায়ুক্ত ৰমী বৰুৱা, অতিৰিক্ত উপায়ুক্ত  অজিত শৰ্মা, নিৰ্বাচনী বিষয়া  দীপময় ঠাকুৰীয়া প্ৰমুখ্যে ৰাজনৈতিক দলৰ প্ৰতিনিধি হিচাপে এ আই ইউ ডি এফ দলৰ  কল্লোল বৰা, চি পি আই দলৰ  ডম্বৰু দাস, মহঃ. আচকৰ আলী মৰল, কংগ্ৰেছ দলৰ  শশী মোহন বিশ্বাস আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে।