• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2025 1:10 pm
218
VIEWS
Share on FacebookShare on Twitter

ৰঙা বলৰ ক্ৰিকেটত তেওঁক পুনৰ দেখা যাব নে নাই তাকলৈ জল্পনা-কল্পনা বাঢ়ি আহিছিল। অনুৰাগীৰ প্ৰাৰ্থনা, ব’ৰ্ডৰ কৰ্মকৰ্তাসকলৰ অনুৰোধ একোৱেই কামত নাহিল। ভাৰতীয় তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। সোমবাৰে তেওঁ নিজৰ ইনষ্টাগ্ৰাম পোষ্টত এই কথা ঘোষণা কৰে।

কোহলীয়ে লিখিছে, ‘টেষ্ট ক্ৰিকেটত ব্যাগী ব্লু জাৰ্চি পিন্ধা আজি ১৪ বছৰ হ’ল। সঁচা কথা ক’বলৈ গ’লে এই ফৰ্মেটে মোক ইমান দূৰলৈ লৈ যাব বুলি মই কেতিয়াও কল্পনা কৰা নাছিলো। টেষ্ট ক্ৰিকেটে মোক প্ৰস্তুত কৰিছে। ক্ৰিকেটৰ এই দীঘলীয়া ফৰ্মেটটোৱে মোক যি শিক্ষা দিছে, সেয়া আজীৱন পাথেয়।‘

কোহলীয়ে লগতে লিখিছে, ‘এই ফৰ্মেটৰ পৰা আঁতৰি যোৱাটো সহজ নাছিল। কিন্তু এনে লাগে যেন এইটোৱেই আদৰ্শ সময়। টেষ্ট ক্ৰিকেটক যিমানখিনি দিছো তাতকৈ বহু বেছি উভতাই পাইছো। মই কৃতজ্ঞ। কিন্তু যাবই লাগিব। মই সদায় হাঁহিমুখে মোৰ টেষ্ট কেৰিয়াৰলৈ উভতি চাম।’

আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটৰ পৰা তেওঁৰ অৱসৰ লোৱাৰ লগে লগে ‘বিৰাট যুগ’ৰ অন্ত পৰিল। ২০২৪ চনত টি-২০ বিশ্বকাপ জয় কৰাৰ পাছত ইতিমধ্যে ক্ৰিকেটৰ এই চুটি ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ‘কিং’ কোহলীয়ে ।

ইতিমধ্যে জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। খবৰ অনুসৰি অষ্ট্ৰেলিয়াত অনুষ্ঠিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ সময়ত কোহলীয়ে কেইবাবাৰো সতীৰ্থসকলক সোঁৱৰাই দিছিল যে তেওঁৰ টেষ্ট কেৰিয়াৰ অতি সোনকালে শেষ হ’ব। সেই সময়ত প্ৰায় কোনেও গুৰুত্ব দিয়া নাছিল। বহুতে ভাবিছিল যে তেওঁ হয়তো ধেমালি কৰিছে।

শেহতীয়াকৈ ৰোহিত শৰ্মাই অৱসৰ লোৱাৰ পিছত কোৱা হৈছিল যে কোহলীয়েও দীঘলীয়া ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত বিচিচিআইক অৱগত কৰিছে। অৱশ্যে ইংলেণ্ড ভ্ৰমণৰ গুৰুত্ব বুজি ব’ৰ্ডে তেওঁক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনায়। কিন্তু ব’ৰ্ডৰ অনুৰোধত কোহলীয়ে সিদ্ধান্ত ভংগ নকৰিলে। নিজৰ সিদ্ধান্তত দৃঢ়তাৰে থিয় দি তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।

শেহতীয়াকৈ বিৰাটে ভাৰতীয় জাৰ্চি পিন্ধি খেলা চেম্পিয়নছ ট্ৰফীত টীম ইণ্ডিয়া  জয়ী হৈছে। আই পি এলতো তেওঁ দুৰ্দান্ত ফৰ্মত আছে। ইমান দুৰন্ত ফৰ্মৰ মাজতো বিৰাটে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্তত অনুৰাগীসকল হতাশ হৈ পৰিছে। ইংলেণ্ড শৃংখলাৰ পূৰ্বে এই সিদ্ধান্ত লোৱাৰ বাবে ভাৰতীয় দলত চাপ বাঢ়িল।

কোহলীয়ে নিজৰ বৰ্ণিল টেষ্ট কেৰিয়াৰত ১২৩খন মেচ খেলি ৯২৩০ ৰান সংগ্ৰহ কৰে। গড় ৪৬.৮৫। বিৰাটৰ নামত ৩০ টা শতক আৰু ৩১টা অৰ্ধশতক আছে।

Recent News

ডিব্ৰুগড়ত উন্মুক্ত টেংকীত পৰি মৃত্যু এটি ৭ বছৰীয়া শিশুৰ

ডিব্ৰুগড়ত উন্মুক্ত টেংকীত পৰি মৃত্যু এটি ৭ বছৰীয়া শিশুৰ

উত্তৰ-পূব ভাৰতত আটাইতকৈ কম গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰা হয়; সবাৰো আগত দিল্লী

উত্তৰ-পূব ভাৰতত আটাইতকৈ কম গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰা হয়; সবাৰো আগত দিল্লী

জাডেজা-ৱাশ্বিংটনৰ অদমনীয় যুঁজ, অনবদ্য শতক; মানচেষ্টাৰত মৰ্যাদাৰে খেলখন ড্ৰ’ কৰিলে ভাৰতে

জাডেজা-ৱাশ্বিংটনৰ অদমনীয় যুঁজ, অনবদ্য শতক; মানচেষ্টাৰত মৰ্যাদাৰে খেলখন ড্ৰ’ কৰিলে ভাৰতে

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd