শিৱসাগৰত বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা : তাই যাদুঘৰৰ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ ঘোষণা

IMG-20201118-WA0011

ৰাজ্য চৰকাৰৰ স্বাস্থ্য, শিক্ষা, বিত্ত আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ জিলাত উপস্থিত হৈ শিৱসাগৰ নগৰৰ বৰপুখুৰী পাৰত অৱস্থিত তাই যাদুঘৰ পৰিদৰ্শন কৰে।

তাই যাদুঘৰৰ সাম্প্ৰতিক পৰিৱেশ তথা যাদুঘৰৰ ব্যৱস্থাপনাৰ বিশদভাৱে বুজ লৈ মন্ত্ৰী গৰাকীয়ে তাই যাদুঘৰক সময়োপযোগী হোৱাকৈ আধুনিকভাৱে আৰু আটকধুনীয়াকৈ সজাই পৰাই তোলাৰ ঘোষণা কৰে।

তেওঁ প্ৰাৰম্ভিক অৱস্থাত যাদুঘৰটোৰ সম্প্ৰসাৰণ, দৃশ্য-শ্ৰাৱ্য মাধ্যমেৰে ৬০০ বছৰীয়া আহোম ৰাজশাসনৰ গৌৰৱোজ্জ্বল অধ্যায়ক পৰ্যটকৰ আগত তুলি ধৰাৰ ব্যৱস্থা, পৰ্যটকৰ কাৰণে সমল কেন্দ্ৰ তথা তাই যাদুঘৰৰ মাটিত শিশু উদ্যানকে ধৰি প্ৰণালীৱদ্ধ ব্যৱস্থাপনা গ্ৰহণৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে ।

শিৱসাগৰ তথা উজনি অসমৰ বিভিন্ন স্থানত সিঁচৰিত হৈ থকা ঐতিহাসিক সমলসমূহক সংৰক্ষণ কৰি পৰ্যটকৰ সন্মূখত তাই যাদু ঘৰৰ জৰিয়তে দাঙি ধৰাৰ পৰিকল্পনাৰ বিষয়েও মন্ত্ৰী গৰাকীয়ে সদৰী কৰে।

তাই যাদু ঘৰৰ সমস্যা সমাধানৰ লগতে যাদুঘৰক কেন্দ্ৰ কৰি গ্ৰহণ কৰা পৰিকল্পনা বাস্তৱায়িত কৰাৰ বিষয়ে অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে।

তেওঁ লগতে তাই যাদুঘৰৰ ব্যৱস্থাপনা যথাৰীতি নিৰীক্ষণ কৰাৰ বাবে শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈক এগৰাকী অতিৰিক্ত উপায়ুক্তক দায়িত্ব অৰ্পণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

তেওঁ লগতে বিদেশী পৰ্যটকৰ সুবিধা হোৱাকৈ কিউৰেটৰ আৰু নেৰেটৰ দুটা পদ সৃষ্টি কৰাৰ পৰিকল্পনাৰ বিষয়েও উল্লেখ কৰে। যাদুঘৰৰ বিদ্যুতৰ সমস্যা সমাধানৰ বাবে বিহীত ব্যৱস্থা গ্রহণৰ বিষয়েও তেওঁ আশ্বাস প্ৰদান কৰে।

মন্ত্ৰী গৰাকীৰ পৰিদৰ্শন কালত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, সোণাৰি সমষ্টিৰ বিধায়িকা নৱনিতা সন্দিকৈ, সাংস্কৃতিক পৰিক্ৰমা, শিক্ষা, জনসংযোগ আদি বিভাগৰ আয়ুক্ত প্ৰীতম শইকীয়া, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, অতিৰিক্ত উপায়ুক্তদ্বয় বিদিত দাস আৰু দীপক ভূঞা, বিশিষ্ট সমাজ সেৱক ভবেন মহন, বিশিষ্ট সমাজ সেৱিকা সুৰভি ৰাজকুঁৱৰী আৰু ভালেসংখ্যক বিভাগীয় বিষয়া উপস্থিত থাকে।