NORTHEAST NOW (Assamese)

দুই এদিনতে নৱ-নিযুক্ত শিক্ষক-টিউটৰে লাভ কৰিব পাৰিতোষিক; বিত্ত বিভাগে মুকলি কৰি দিলে ধন

June 1, 2021 7:11 pm · কল্পজ্যোতি শইকীয়া

চলিত বৰ্ষৰ জানুৱাৰী মাহত নিম্ন আৰু উচ্চ বুনিয়াদী বিদ্যালয়ত নিযুক্তি লাভ কৰা ১১,১৩৫ গৰাকী শিক্ষকে নিয়মীয়াকৈ পাৰিতোষিক লাভ কৰিব বুলি এক সংবাদমেলযোগে জনায় ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে।

মঙ্গলবাৰে জনতা ভৱনত বিত্তমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যুটীয়াভাৱে এক সংবাদমেল সম্বোধন কৰি এই কথা জনায়।

ইপিনে, নিম্ন, উচ্চ বুনিয়াদী বিদ্যালয়ত টিউটৰৰূপে কৰ্মৰত ১,৯৩৪ গৰাকী শিক্ষকেও নিয়মীয়াকৈ পাৰিতোষিক লাভ কৰিব বুলি জনায় বিত্তমন্ত্ৰী অজন্তা নেওগে।

শিক্ষক-টিউটৰৰ পাৰিতোষিকৰ ক্ষেত্ৰত বিত্ত বিভাগে ইতিমধ্যে অনুমোদন জনাইছে বুলি মন্ত্ৰী নেওগে উল্লেখ কৰে।

আনহাতে, দুই-এদিনৰ ভিতৰতে শিক্ষক আৰু টিউটৰসকলে মাৰ্চ, এপ্ৰিল মে মাহৰ পাৰিতোষিক লাভ কৰিব বুলি জনায় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

তদুপৰি, বাজেট প্ৰস্তুতৰ পাছত জুলাই মাহৰ পৰা পুনৰ নিয়মীয়াকৈ শিক্ষক-টিউটৰসকলে পাৰিতোষিক লাভ কৰিব বুলি পেগুৱে জানিবলৈ দিয়ে।

Related News