NORTHEAST NOW (Assamese)

দেশৰ প্ৰায় ২০ লাখ স্বাস্থ্য কৰ্মীৰ বাবে ৫০ লাখ টকাৰ বীমা; ঘোষণা বিত্ত মন্ত্ৰী সীতাৰমণৰ

March 26, 2020 3:26 pm · এন ই নাও নিউজ
নিৰ্মালা সীতাৰমণ। উৎস-ইণ্টাৰনেট

বিশ্বৰ বিভিন্ন দেশৰ পাছত ভাৰতবৰ্ষত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত চিকিৎসা কৰ্মীসকলে ক’ৰ’নাত আক্ৰান্ত হোৱা ব্যক্তি সকলক সুস্থ কৰি তোলাৰ বাবে নিজৰ জীৱনকো তুচ্ছ কৰি অহৰহ সেৱা আগবঢ়াই আহিছে।

দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বৃহস্পতিবাৰে মোদী কেবিনেটত হোৱা সিদ্ধান্ত মৰ্মে সংবাদমেল যোগে দেশৰ স্বাস্থ্য ক্ষেত্ৰত জড়িত হৈ থকা প্ৰতিগৰাকী স্বাস্থ্য কৰ্মীৰ বাবে তিনি মাহৰ বাবে ৫০ লাখ টকাৰ বীমা  আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

চিকিৎসা খণ্ডত জড়িত হৈ থকা চিকিৎসক, নাৰ্চ আৰু অন্যান্য কৰ্মীসকলে এই বীমাৰ সুবিধা লাভ কৰিব।

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে সমগ্ৰ দেশৰ বিভিন্ন চিকিৎসালয়ত কৰ্মৰত প্ৰায় ২০ লাখ স্বাস্থ্য কৰ্মীয়ে চৰকাৰৰ এই পদক্ষেপৰ দ্বাৰা উপকৃত হ’ব।

আনহাতে, বিত্ত মন্ত্ৰী সীতাৰমনে নিজৰ সম্বোধনত দেশৰ চিকিৎসা খণ্ডত সেৱা আগবঢ়াই থকা কৰ্মীসকলক প্ৰশংসা কৰি তেওঁলোকে দেশৰ হৈ যি আদৰ্শ দেখুৱাইছে সেয়া সকলোৱে স্বীকাৰ কৰিছে বুলি কয়।

Related News