ক’ভিড পৰিস্থিতিৰ পিছৰ পৰাই বেছিভাগ মানুহেই বিমান যাত্ৰাৰ বাবে ৱেব চেক-ইনৰ পথ বাছি লৈছে। বিমানবন্দৰলৈ দেৰিকৈ আহিলেও এই ৱেব চেক-ইনে আপোনাৰ বাবে কামবোৰ সহজ কৰি তোলে।
ৱেব চেক-ইন কৰিলে সময়ো হয় ৰাহি । লগতে পছন্দৰ আসন বাছনি কৰাটোও সহজ হৈ পৰে। ঠিক এই ৱেব চেক-ইনৰ দৰেই ডিজিটেল পাছপ’ৰ্টেও আপোনাৰ বিমান যাত্ৰা সহজ কৰি তুলিব পাৰে।
ফিনলেণ্ড হৈছে বিশ্বৰ একমাত্ৰ দেশ য’ত এই ডিজিটেল পাছপ’ৰ্টৰ সুবিধা প্ৰচলন কৰা হৈছে। ফিনলেণ্ডে মুকলি কৰিছে বিশ্বৰ প্ৰথমটো ডিজিটেল পাছপ’ৰ্ট।
ফিনলেণ্ডে মুকলি কৰা ডিজিটেল পাছপ’ৰ্ট এক প্ৰকাৰৰ মোবাইল এপ্লিকেচন, এই এপটো স্মাৰ্টফোনত ইনষ্টল কৰিব লাগে। এই মোবাইল এপ্লিকেচনত পাছপ’ৰ্টৰ সৈতে জড়িত সকলো তথ্য থাকিব।
উল্লেখ্য যে ২০২৩ চনৰ ২৮ আগষ্টত ফিনলেণ্ডে ফিনেয়াৰ, ফিনলেণ্ডৰ আৰক্ষী আৰু বিমানবন্দৰ অপাৰেটৰ ফিনাভিয়াৰ সহযোগত ডিজিটেল পাচপৰ্টৰ বাবে এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰিছিল। ইয়াৰ পৰিণতিতে শেহতীয়াকৈ সাজু কৰি উলিওৱা হৈছে এই এপটো।