ৰাজহুৱাভাৱে ক্ষমা খোজক আজমলে! আজমলক গ্ৰেপ্তাৰৰ দাবীত দিচপুৰ থানাত গোচৰ ডিমজাৰ

আজমলে ২৬ ডিচেম্বৰত মানকাচৰত এজন সাংবাদিকক কৰা অভব্য আচৰণ তথা সাংবাদিকক মৃত্যুৰ ভাবুকি দিয়াক কেন্দ্ৰ কৰি ডিজিটেল মিডিয়া এচ’ছিয়েশ্বন অব আসাম চমুকৈ ডিমজাই আজি দিচপুৰ থানাত এজাহাৰ দাখিল কৰে।

এজাহাৰ দাখিল কৰিয়েই ডিজিটেল মিডিয়া সাংবাদিক সংস্থাটোৱে (ডিমজা) ই সংবাদমাধ্যমৰ আগত আজমলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী তোলে।

তদুপৰি এজাহাৰ দাখিল কৰি ডিমজাৰ সাধাৰণ সম্পাদক মানস ৰয়ে আজমলৰ এনে অভব্য আচৰণক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আজলমক ৰাজনৈতিক জীৱনৰ পৰা সন্যাস ল’বৰ বাবে আহ্বান জনায়।

ৰয়ে সংবাদ মাধ্যমৰ আগত কয় যে ‘সাংবাদিকক এনে অভব্য আচৰণ কৰা ৰাজনৈতিক নেতা অসমৰ ৰাইজে আজিলৈকে দেখা নাই।’

তাৰোপৰি এ আই ইউ ডিএফ ৰাজনৈতিক দলটো অস্তিত্বৰ সংকটত ভূগি থকা বুলি মন্তব্য কৰি ৰয়ে আজমলে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে বুলিও কয়।

ইফালে আজমলে আজি পুৱাৰ ভাগত টুইটাৰযোগে নিজৰ তেনে আচৰণৰ বাবে দুখ প্ৰকাশ কৰি ক্ষমা খোজে যদিও সেই ক্ষমা মানিব ল’ব নোখোজে ডিমজাই।

এই সন্দৰ্ভত ৰয়ে কয় ‘টুইটাৰযোগে ক্ষমা খুজিলেই নহ’ব, তেওঁ যিহেতু ৰাজহুৱাভাৱে এজন সাংবাদিকক মৃত্যুৰ ভাবুকি দিয়াৰ লগতে অপদস্থ কৰিছে গতিকে তেওঁ ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব।‘

আনহাতে, আজি টেলিভিচন সাংবাদিক এচ’ছিয়েশ্বন উটমা আৰু জাফাই দিচপুৰ প্ৰেছ ক্লাৱৰ সন্মুখত সাংবাদিকক আজমলৰ এনে অভব্য আচৰণৰ বাবে মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এই কাৰ্য্যৰ তীব্ৰভাষাৰে গৰিহণা দিয়ে।

ইয়াৰোপৰি কৃষক শ্ৰমিক উন্নয়ন পৰিষদ আৰু উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই বৃহস্পতিবাৰে হাতীগাওঁ থানাত আজমলৰ বিৰুদ্ধে ৯১৬/১৮ নম্বৰত এক গোচৰ ৰুজু কৰে। লগতে সংগঠন দুটাই বদৰুদ্দিন আজমলক ৰাজহুৱাকৈ সাংবাদিক সমাজক ক্ষমা খুজিবলৈ দাবী জনায়।