ব্যক্তিগত শত্ৰুতা অটুত ৰাখি সংবাদ পৰিবেশন ! ডিব্ৰুগড়ৰ সাংবাদিকৰ বিৰুদ্ধে এজাহাৰ দাখিল

“গণ অধিকাৰ ” কাকতৰ ডিব্ৰুগড়ৰ সাংবাদিক তপন শইকীয়া আৰু অইলৰ কৰ্মচাৰী তথা “আমাৰ অসম ” কাকতৰ ডিকমৰ প্ৰতিবেদক বিজন্ত গগৈ আৰু সাংবাদিক সুৰক্ষা মঞ্চৰ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰৰ বিৰুদ্ধে আইনৰ কাষ চাপিছে যুৱ সাংবাদিক সন্থা ,অসমে ।

উল্লেখ্য যে ,যুৱ সাংবাদিক সন্থা ,অসমৰ সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাঁইৰ লগত ব্যক্তিগত শত্ৰুতাৰ আখেজ পূৰাবলৈ গৈ গণ অধিকাৰ কাকতৰ ডিব্ৰুগড়ৰ সাংবাদিক তপন শইকীয়া আৰু আমাৰ অসম কাকতৰ ডিকমৰ প্ৰতিবেদক তথা অইলৰ কৰ্মচাৰী বিজন্ত গগৈয়ে কাঞ্চনজ্যোতি গোহাঁইৰ ব্যৱসায়কেন্দ্ৰিক ব্যক্তিগত ঘটনাৰ লগত যুৱ সাংবাদিক সন্থা ,অসমৰ নাম সাঙুৰি বাতৰি পৰিবেশন কৰাৰ উপৰি যুৱ সাংবাদিক সন্থা ,অসমৰ সম্পাদক কাঞ্চনজ্যোতি গোহাঁই জেইল নোযোৱাকৈয়ে মিছাতে জেইললৈ যোৱা বুলি প্ৰচাৰ কৰি যুৱ সাংবাদিক সন্থা ,অসমৰ বদনাম কৰি জনমানসত হেয় প্ৰতিপন্ন কৰিব বিচৰা কাৰ্য্যক এতিয়া সহজ ভাবে লোৱা নাই যুৱ সাংবাদিক সন্থা ,অসমে ৷

সেয়ে যুৱ সাংবাদিক সন্থা ,অসমৰ সম্পাদক কাঞ্চনজ্যোতি গোহাঁইয়ে ইতিমধ্যেই উক্ত সাংবাদিক কেইজনৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ ওচৰত একোখন এজাহাৰ দাখিল কৰিছে।

উপৰি উক্ত সাংবাদিক কেইজনৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈ যুৱ সাংবাদিক সন্থা ,অসমৰ তৰফৰ পৰাও গণ অধিকাৰ আৰু আমাৰ অসম কাকতৰ মুখ্য সম্পাদকলৈ পত্ৰ প্ৰেৰণ কৰিছে ।