ক’ৰ’নাক্ৰান্তৰ সম্পৰ্কে ভুৱা তথ্য; ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বিৰুদ্ধে এফ আই আৰ দাখিল

index

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ (ফাইল ফ'টো)

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

প্ৰতিৱেশী ৰাজ্যত ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ সম্পৰ্কে স্থানীয় সংবাদ মাধ্যমক মিছা আৰু ভুৱা তথ্য দিয়াৰ অভিযোগত মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

উল্লেখ্য যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে চুবুৰীয়া ৰাজ্য অসম আৰু মণিপুৰত ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা বঢ়াই কৈছিল স্থানীয় সংবাদ মাধ্যমত।

‘আমাৰ সমীপৰ কৰিমগঞ্জত ১৬ টা কোভিড১৯ পজিটিভ কেচ পোৱা গৈছে আৰু মণিপুৰত ১৯ টা। আৰু এইবাবেই আমি দুই ৰাজ্যৰে ত্ৰিপুৰাৰ সীমান্ত বন্ধ কৰিছো।’ মুখ্যমন্ত্ৰী দেৱে এইদেৰ কৈছিল স্থানীয় সংবাদ মাধ্যমক।

আনহাতে অসম আৰু মণিপুৰৰ চৰকাৰী তথ্য মতে কৰিমগঞ্জ আৰু মণিপুৰত মাত্ৰ দুটাহে কোবিভ১৯ পজিটিভ কেচ পোৱা গৈছে।

ত্ৰিপুৰাৰ কংগ্ৰেছ নেতা গোপাল ৰয়ে ভাৰতীয় দণ্ডবিধি-১৮২, ৫০৫(১)(বি) অধীনত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে যোৱা ২ এপ্ৰিলত আগৰতলা জি বি হাস্পতালত এক সংবাদ মেল সম্বোধন সংবাদ মাধ্যমৰ আগত এইদৰে মিছা আৰু ভুৱা তথ্য দিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য যে, যোৱা মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যিকোনো মাধ্যমত কোবিভ১৯ৰ সন্দৰ্ভত মিছা বাতৰি আৰু ভুৱা তথ্য প্ৰচাৰ কৰি আতংক সৃষ্টি কৰাৰ পৰা সকলো পক্ষকে আঁতৰি থাকিবলৈ নিৰ্দেশনা দিছিল।

অথচ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে সংবাদ মাধ্যমত এনেদৰে ভুৱা তথ্য আৰু মিছা বাতৰি প্ৰচাৰ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ দেখুওৱাটো সচেতন মহলক সচকিত কৰি তুলিছে।