NORTHEAST NOW (Assamese)

পতঞ্জলিৰ যোগ নিৰীক্ষক সতিনাথ বাৰালৰ বিৰুদ্ধে শুৱালকুছি আৰক্ষী থানাত গোচৰ ৰুজু

September 30, 2018 4:08 pm · মৃদুল প্ৰীতম ডেকা
Updated: September 30, 2018 4:30 pm
ফটো : নৰ্থ-ইষ্ট নাও

পতঞ্জলিৰ যোগ নিৰীক্ষক সতিনাথ বাৰালৰ বিৰুদ্ধে আজি শুৱালকুছি আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয়। শনিবাৰে পতঞ্জলিৰ যোগ নিৰীক্ষক গৰাকীয়ে দৰং জিলাৰ দুনীত এক যোগ শিবিৰত অংশ লৈ জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লৈ কটু মন্তব্য কৰিছিল।

শংকৰদেৱ কোনো ডাঙৰ পণ্ডিত নহয়, নামঘোষাত কোনো ভাল কথা নাই, নামঘৰত মিঠাতেল চাকি মূর্খই জ্বলাই বুলি মন্তব্য কৰিছিল সতিনাথ বাৰালে। ৰামদেৱৰ একান্ত শিষ্য সতিনাথৰ এই মন্তব্যৰ পাছতে বস্ত্ৰনগৰী শুৱালকুছিৰ ঐতিহাসিক ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰৰ সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্ত সমন্তিতে শুৱালকুছি বাসী ৰাইজে শুৱালকুছি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

গুৰুজনাক অপমান কৰা, অসমীয়া জাতীয় সত্তাক অপমান কৰা সতিনাথ বাৰালক অতি শীঘ্ৰে গ্ৰেপ্তাৰ দাবী জনায় শুৱালকুছিবাসীয়ে। অসমত ব্যৱসায় কৰি অসম আৰু অসমীয়াৰ আবেগ অনুভূতি আমাৰ জগত গুৰুজনাৰ প্ৰতি পুনৰ এনে মন্তব্য নকৰিবলৈ সতিনাথ বাৰালক দল-সংগঠনৰ লগতে বিভিন্ন লোকে সকিয়নী দিয়া দেখা যায়।

ইয়াৰ উপৰি শুৱালকুছি পতঞ্জলিৰ যোগ সমিতি, ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰ, শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন জনে এই মন্তব্যক গৰিহণা দিছে।

Related News