NORTHEAST NOW (Assamese)

বাক্সাৰ ভূটান সীমান্তৰ দৰঙামেলা শশীপুৰৰ গেৰেজ লাইনত ভয়াৱহ অগ্নিকাণ্ড

February 2, 2021 11:54 am · দীপক কুমাৰ পাঠক

বাক্সাৰ ভূটান সীমান্তৰ দৰঙামেলা শশীপুৰৰ গেৰেজ লাইনত সোমবাৰে নিশা  সংঘটিত হৈছে ভয়াৱহ অগ্নিকাণ্ড।

এই অগ্নিকাণ্ডত জাহ গৈছে চাৰিখনকৈ বাহন।

কাঞ্চা অটো গেৰেজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত নিশা সংঘটিত হয় এই অগ্নিকাণ্ড।

চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে একাংশ  স্থানীয় লোকে ।

ঘটনাৰ খবৰ পাই নিশাই দৰঙামেলা আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ তৎপৰতাত অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় যদিও জ্বলি শেষ হয় চাৰিখনকৈ বাহন।

এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত প্ৰায় ১৫ লক্ষাধিক টকাৰ ক্ষতি হৈছে বুলি প্ৰকাশ কৰিছে ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী বিষ্ণু প্ৰধানে।

উল্লেখ্য ইয়াৰ আগতেও অঞ্চলটোত বহু কেইবাৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ।

Related News