NORTHEAST NOW (Assamese)

মহা কুম্ভ মেলাৰ শিবিৰত ভয়ংকৰ অগ্নিকাণ্ড

February 7, 2025 12:43 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 7, 2025 12:44 pm

শুকুৰবাৰে (৭ ফেব্ৰুৱাৰী ২০২৫) মহাকুম্ভ নগৰৰ এটা শিবিৰত অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে।

অৱশ্যে কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।

খাক চক থানাৰ পৰিদৰ্শক যোগেশ চতুৰ্বেদীয়ে কয় যে, “পুৰণি জিটি পথৰ তুলসী চৌৰাহাৰ সমীপৰ এটা শিবিৰত অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই বহুলাংশে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে।”

এই অভিযানৰ তদাৰক কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। একাধিক অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত আছে,যি সকলে জুইৰ শিখা নুমুৱাবলৈ অহৰ্নিশে কাম কৰি আছে।

উল্লেখ্য যে, যোৱা সপ্তাহত সংঘটিত হোৱা আন এক অগ্নিকাণ্ডৰ পাছত এই ঘটনা সংঘটিত হৈছে, যত প্ৰয়াগৰাজৰ এটা মুকলি এলেকাত ১৫ টা তম্বুত জুই লাগিছিল। চাটনাগ ঘাট থানা এলেকাত সংঘটিত হৈছে এই ঘটনা।

স্মৰ্তব্য যে, ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভ ২৬ ফেব্ৰুৱাৰীলৈকে চলিব।

Related News