বঙাইগাঁৱত অগ্নিকাণ্ডত আঠখন ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত

বঙাইগাঁও চহৰৰ মাজমজিয়াৰ মেঘৰাজ ছোহনলাল নামৰ বস্ত্ৰ প্ৰতিষ্ঠানখনৰ কাষত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় ৷

এই অগ্নিকাণ্ডত ইলেক্ট্ৰ’নিকচ দোকান , ফাষ্ট ফুড দোকান , পান দোকান, দশকৰ্মা ভাণ্ডাৰ আদিকে ধৰি মুঠ আঠখন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ জাহ যায় ৷

জুইৰ সূত্ৰপাত কেনেকৈ হ’ল অদ্যপি পোহৰলৈ অহা নাই ৷

পিচত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে ৷ বিধ্বংসী অগ্নিকাণ্ডত কোটি টকাৰো অধিক ক্ষতিসাধন হোৱা বুলি অনুমান কৰা হৈছে ৷