যোৰহাটৰ ইলি চিনেমা হলৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড, কেইবা কোটি টকাৰ সম্পত্তি ভষ্মীভূত

mojk

যোৰহাটৰ গড়আলিৰ ইলি চিনেমা হলৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড l

ভাৰত হাৰ্ডৱেৰ আৰু উষা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰথমে জুইৰ সূত্ৰপাত ঘটে l

আৰু তাৰ পাছতে বহু কেইখন ব্যৱসায়িক প্ৰতিস্থানলৈ অগ্নি সম্প্ৰসাৰিত হয় l

বৰ্তমানলৈকে প্ৰকৃত ক্ষয়- ক্ষতিৰ পৰিমাণ জানিব পৰা নাই যদিও কেইবা কোটি টকাৰ সা সম্পত্তি অগ্নিত জাহ গৈছে বুলি ধাৰণা কৰা হৈছে।

বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে l

যোৰহাট , ONGC , টীয়কৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহি জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰু বৰ্তমান জুই কিছু নিয়ন্ত্ৰণলৈ আহিছে l