NORTHEAST NOW (Assamese)

মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড, বিস্তৰ ক্ষতিসাধন

August 8, 2022 5:50 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী
Updated: August 8, 2022 5:51 pm

মহানগৰী নুনমাটিৰ আনন্দ নগৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ঘটিছে।

আনন্দ নগৰৰ বাসিন্দা টুবুল আলী নামৰ লোক এজনৰ বাসগৃহত এই অগ্নিকাণ্ডৰ ঘটনা।

তিনিমহলীয়া বাসগৃহটোত থকা প্ৰায় ১৫ টাকৈ তৰ্জা বেৰ সংলগ্ন কোঠাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

জুইত সম্পূৰ্ণ ৰূপে জাহ যায় বাসগৃহ কেইটাৰ সকলো বয়বস্তু।

ঘটনাস্থলীত প্ৰায় দুখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ আৰু স্থানীয় লোকৰ তাৎপৰতাত জুই নুমাবলৈ সক্ষম হয়।

শ্বৰ্ট চাৰ্কিট ফলত এই জুইৰ সূত্ৰপাত হোৱা বুলি জানিব দিয়ে স্থানীয় লোক সকলে।

জুইত জাহ যায় লক্ষাধিক টকাৰ সা সম্পত্তি।

Related News