ৰংজুলিত ভয়ংকৰ অগ্নিকাণ্ড:জুইত জাহ গ’ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান

ৰংজুলিত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।

এই অগ্নিকাণ্ডত জাহ গ’ল তিনি খন কৈ ব্যৱসায়িক প্ৰতিষ্ঠান ।

অগ্নিকাণ্ডত তেৰ লক্ষাধিক টকা মূল্যৰ সা-সামগ্ৰী ভষ্মীভূত হয় ।

নিশা ধৰিত্ৰী ষ্টোৰ নামৰ গেলামালৰ দোকান এখনত প্ৰথমতে জুইৰ সূত্ৰপাত ঘটে ।

তাৰ পাছতে কাষতে লাগি থকা অসম হোটেললৈ জুই প্ৰসাৰিত হয় হোটেলৰ মালিকে জুই প্ৰত্যক্ষ কৰাত হুৱাদুৱা লাগে ।

ইপিনে ধৰিত্ৰী ষ্টোৰৰ মালিকে দোকান বন্ধ কৰি ঘৰলৈ গুছি যোৱাত দোকানৰ ছাটাৰ খুলিব নোৱাৰাত দোকান খন দাও দাউ কৈ জ্বলি উঠে ।

সেই জুই আন এখন চাহৰ দোকানলৈ প্ৰসাৰিত হয় আৰু নিমিষতে তিনি খন দোকান দাউ দাউ কৈ জ্বলি উঠে ।

পিছত দুধনৈৰ অগ্নি নিৰ্বাপক বাহিনীৰ দুখন কৈ গাড়ী আহি জুই নিৰ্বাপিত কৰিব লৈ সক্ষম হয় ।ফলত একে লগে গাতে লাগি থকা আন দহ খন দোকান অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে ।