NORTHEAST NOW (Assamese)

২৫ ডিচেম্বৰত মুকলি হোৱা বগীবিল দলঙত আজি প্ৰথমটো দুৰ্ঘটনা

December 26, 2018 6:51 pm · অভিক চক্ৰবৰ্তী
Updated: December 26, 2018 7:28 pm

প্ৰায় কুৰি বছৰৰ অপেক্ষাৰ অন্তত ২৫ ডিচেম্বৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰঙা ফিটা কাটি দেশৰ আটাইতকৈ দীৰ্ঘতম ৰে’ল আৰু স্থলপথ সংযোগী বগীবিল দলং মুকলি কৰাৰ পিছতে দলংখনত আজি প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয়।

আজি পুৱাৰ ভাগত বগীবিল দলঙৰ ওপৰত দুখন ব্যক্তিগত বাহন তথা এখন মাৰুতী কাৰ আৰু ৱেগনাৰৰ মাজত মুখামুখি সংঘৰ্ষ লাগে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে দুইখন ব্যক্তিগত বাহনে অতি তীব্ৰ বেগত আহি আছিল আৰু নিয়ন্ত্ৰণ হেৰুৱাই মুখামুখি সংঘৰ্ষ লাগে।

অৱশ্যে দুৰ্ঘটনাটোত কোনো লোকৰ একো ক্ষতি হোৱা নাই যদিও বাহন দুখনৰ যথেষ্ট পৰিমাণে ক্ষতি সাধন হয়।
উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ডিচেম্বৰত দিনৰ ২.২৫ বজাত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দেশৰ আটাইতকৈ দীৰ্ঘতম ৰে’ল আৰু স্থলপথ সংযোগী দলংখন আনুষ্ঠানিকভাৱে ফিটা কাটি উদ্বোধন কৰিছিল।

Related News