মাৰ্ঘেৰিটাত প্ৰথম বাৰ্ষিক ভোগালী উৎসৱ ২০২১ উদযাপনৰ ব্যাপক প্ৰস্তুতি

ফটো : নৰ্থ-ইষ্ট নাও

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত এক নং আলুবাৰীৰ ৰাজখোৱা পথাৰত পোন প্ৰথমবাৰৰ বাবে প্ৰথম বাৰ্ষিক ভোগালী উৎসৱ ২০২১ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।

অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা স্বৰূপ ভোগালী বিহুটি জাতি-জনগোষ্ঠীৰ সকলো ধৰ্মাৱলম্বীৰ লোক এক গোট হৈ অহা ১৩ আৰু ১৪ জানুৱাৰিত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ৰাজখোৱা পথাৰৰ বাকৰিত ৰাইজৰ অংশ গ্ৰহণ আন্তৰিকতাৰে কামনা কৰিছে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই।

কাৰ্যসূচী অনুসৰি, মাৰ্ঘেৰিটা মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে ১৩ জানুৱাৰিৰ দিনা পূৱা ৭ বজাত ভোগালী উৎসৱস্থলৰ নামঘৰ দ্বাৰ মুকলি কৰাৰ পাছতে ১০.৩০ বজাত ভোগালী উৎসৱ উদ্বোধন কৰিব অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

পুৱা ১১ বজাত অসমৰ বিত্ত, স্বাস্থ্য, শিক্ষা তথা লোকনিৰ্মাণ দপ্তৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰাৰ লগতে জনগোষ্ঠীয় কুটীৰ উদ্বোধন কৰিব বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই।

আত্মসহায়ক গোট সমূহৰ দ্বাৰা তৈয়াৰী বিভিন্ন সামগ্ৰীৰ প্ৰতিযোগিতা তিনিচুকীয়া আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই উদ্বোধন কৰা অনুষ্ঠানত ১২.৩০ বজাত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিশেষভাবে অৰিহনা আগবঢ়োৱা বিশিষ্ট ব্যক্তিক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিব।

সম্বৰ্ধনা অনুষ্ঠানত সাহিত্য একাডেমিৰ বঁঁটাপ্ৰাপক ৰীতা চৌধুৰী, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক সুৰজিত বৰকটকী উপস্থিত থাকিব।

তিনিচুকীয়া জিলা উপায়ুক্ত দিগন্ত শইকীয়াই ভোগালীৰ এসাঁজ অনুষ্ঠান মুকলি কৰাৰ পিছতে ৩ বজাত আমন্ত্ৰিত শিল্পী দেৱজিৎ বৰা আৰু স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।

উক্ত অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব ডিগবৈ বন সংমণ্ডল প্ৰাধিকাৰী চি চি ৰঞ্জিথ ৰামে।

বিয়লি ৪ বজাত ধেমাজি কেন্দ্ৰীয় হৰি নাম দলৰ দ্বাৰা দিহানাম পৰিবেশনৰ পিছতে ৭ বজাত গীতে-মাতে ভেলাঘৰৰ এনিশা অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই।

উক্ত দিনা বিশিষ্ট গায়ক জুবিন গাৰ্গ, জুবলিৰ লগতে বেহাৰবাৰীখ্যাত কে কে আৰু মোহনৰ উপস্থিতি আকৰ্ষণীয় হ’ব।

আনহাতে ১৪ জানুৱাৰিৰ পুৱা ৬ বজাত মেজি প্ৰজ্বলন, ভোগালী জলপানৰ পাছতে অনুষ্ঠানৰ সামৰণি পৰিব বুলি উদযাপন সমিতিৰ সম্পাদক সত্য কাকতিয়ে জানিবলৈ দিয়ে।