গুৱাহাটীৰ পৰা ভূটানলৈ যোৱা মাৰ্কিন পৰ্যটকৰ শৰীৰত ধৰা পৰিল ক’ৰ’না ভাইৰাছ

Coronavirus

ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশত ক’ৰ’না ভাইৰাছে আতংকৰ সৃষ্টি কৰাৰ সময়তে আজি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত এজন লোকৰ শৰীৰত ধৰা পৰিছে এই ভাইৰাছ।

জানিব পৰা মতে ক’ৰ’নাত আক্ৰান্ত এই লোকজন আমেৰিকাৰ পৰ্যটক। ৭৬ বছৰীয়া এই পৰ্যটকজনে যোৱা ২ মাৰ্চত গুৱাহাটীৰ পৰা ভূটানলৈ গৈছিল।

পৰ্যটকজন ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি আজি ৰাতিপুৱা নিশ্চিত হয়। এই ঘটনাৰ পিছতেই দেশখনৰ চৰকাৰে অহা দুসপ্তাহলৈ পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰে।

উল্লেখ্য যে পৰ্যটকজনৰ জ্বৰ হোৱাত ৫ মাৰ্চ অৰ্থাৎ বৃহস্পতিবাৰে চিকিৎসালয়ত ভৰ্তি হৈছিল আৰু য’ত তেওঁৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ফেইচবুক প’ষ্টযোগে এই কথা জনাইছে ভূটানৰ প্ৰধান মন্ত্ৰী  ল’টে চেৰিঙে।

প্ৰধান মন্ত্ৰীগৰাকীয়ে লগতে দেশখনত অহা দুসপ্তাহৰ বাবে পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে বুলিও জনায়।

ইয়াৰ উপৰি ৰাজধানী থিম্ফু আৰু ইয়াৰ কাষৰীয়া তিনিটা অঞ্চলৰ শিক্ষানুষ্ঠান আজিৰ পৰা দুসপ্তাহৰ বাবে বন্ধ ঘোষণা কৰিছে।

উল্লেখ্য যে যোৱা ১০ ফেব্ৰুৱাৰিতে আমেৰিকা এৰা পৰ্যটকজনে ২১ ফেব্ৰুৱাৰিৰ পৰা ১ মাৰ্চলৈকে ভাৰতত আছিল।

স্বাস্থ্য বিভাগে জনোৱা অনুসৰি পৰ্যটকজনৰ সংস্পৰ্শত অহা প্ৰায় ৯০ জন লোকক চিনাক্ত কৰা হৈছে আৰু সকলোকে আছুতীয়াকৈ ৰাখি নিৰীক্ষণ কৰি থকা হৈছে।

ইয়াৰ ভিতৰত কোনো এজন লোকৰে শৰীৰত এই ভাইৰাছবিধৰ লক্ষণ ধৰা পৰা নাই।

আনহাতে পৰ্টকজনৰ সৈতে বিমানত ভূটানলৈ যোৱা আঠজন ভাৰতৰ লোককো আছুতীয়াকৈ নিৰীক্ষণত ৰখা হৈছে বুলি জানিব পৰা গৈছে।