NORTHEAST NOW (Assamese)

ফুটবলত অভূতপূৰ্ব দৃশ্য, বগা কাৰ্ড দেখুৱালে ৰেফাৰীয়ে!

January 24, 2023 6:43 pm · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগৃহিত।

প্ৰথমবাৰৰ বাবে ফুটবল খেলত ৰেফাৰীয়ে বগা কাৰ্ড ব্যৱহাৰ কৰা দেখা গ’ল। পৰ্তুগালত অনুষ্ঠিত মহিলা কাপত স্পোৰ্টিং লিছবন আৰু বেনফিকা মহিলা দলৰ মাজত অনুষ্ঠিত এখন খেলত মেচ ৰেফাৰীয়ে প্ৰথমবাৰৰ বাবে বগা কাৰ্ড ব্যৱহাৰ কৰিছে।

ফুটবলত এক নতুন মাত্ৰা যোগৰ অংশ হিচাপে পৰ্তুগালত কিছুমান পদক্ষেপ লোৱা হৈছে। তাৰ ভিতৰত এটা হৈছে এই বগা কাৰ্ড। ফেয়াৰ প্লেক স্বীকৃতি দিবলৈ তথা উৎসাহিত কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে।

দেওবাৰে ইয়াৰ প্ৰথম ব্যৱহাৰ দেখা গৈছে। মহিলা কাপত লিছবন আৰু বেনফিকাৰ খেলৰ সময়ত বিৰতিৰ অলপ আগতে এজন ডাগআউটত অসুস্থ হৈ পৰে। দুয়োটা দলৰ চিকিৎসা কৰ্মীয়ে তেওঁৰ চিকিৎসা আৰম্ভ কৰে। সেই সময়ত, ৰেফাৰী কাটাৰিনা কেম্পোছে তেওঁলোকক এখন বগা কাৰ্ড দেখুৱায়।

ষ্টেডিয়ামত উপস্থিত দৰ্শকসকলে ইয়াক ভালদৰে গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে। ৰেফাৰীজনক তুমুল হাততালিৰে অভিনন্দন জনোৱা হয়।

Related News