ব্ৰিটেইনত মানৱ শৰীৰত প্ৰথম কৰ’না ভাইৰাছৰ ভেকচিনৰ পৰীক্ষা আৰম্ভ

Coronavirus_vaccine-1140x570

প্ৰতিনিধিত্বমূলক ফটো। সৌজন্য: www.pmlive.com

ব্যাপক চৰ্চাৰ মাজতে বৃহস্পতিবাৰে অক্সফ’ৰ্ড য়ুনিভাৰ্ছিটিয়ে  মানৱ শৰীৰত এক সম্ভাৱ্য কৰ’না ভাইৰাছৰ ভেকচিনৰ পৰীক্ষা আৰম্ভ কৰিছে।

যদি এই পৰীক্ষা সফল হয় তেতিয়াহ’লে চলিত বছৰৰ শেহৰ ফালে ভেকচিনটো সাধাৰণ ৰাইজৰ বাবে সুলভ হৈ পৰিব।

বাতৰি অনুসৰি, লণ্ডন স্কুল অফ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিন’ৰ মতে গোটেই বিশ্বৰে ১০০টাতকৈয়ো অধিক গৱেষণা প্ৰকল্পই বিচাৰি থকা ভেকচিন চেভেন বৰ্তমান ক্লিনিকেল পৰীক্ষাত আছে।

এনেধৰণৰ পৰীক্ষা ইতিমধ্যে চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত চলি আছে আৰু জাৰ্মানীতো এই মাহৰ শেহৰফালে আৰম্ভ কৰিব যাৰ বাবে ফেডাৰেল ভেকচিন অথৰিটিয়ে বুধবাৰে সেউজ সংকেত দিছে।

ব্ৰিটেইনৰ চৰকাৰে অক্সফ’ৰ্ড য়ুনিভাৰ্ছিটিৰ কামত সক্ৰিয় সহযোগিতা আগবঢ়াইছে।

প্ৰথম পৰ্যায়ত ১,১১২গৰাকী স্বেচ্ছাসেৱকৰ আধাখিনিয়ে কোভিড-১৯ৰ বিৰুদ্ধে এই সম্ভাৱ্য ভেকচিন গ্ৰহণ কৰিব। বাকী আধাখিনিয়ে এক নিয়ন্ত্ৰণৰ ভেকচিনৰ সুৰক্ষা আৰু প্ৰভাৱৰ পৰীক্ষা গ্ৰহণ কৰিব।

স্বাস্থ্যৱান স্বেচ্ছাসেৱকসকলৰ বয়স ১৮ৰপৰা ৫৫বছৰৰ ভিতৰত আৰু ইয়াৰ মাজত কোভিড-১৯ পজিটিভ ধৰা পৰা তথা গৰ্ভৱতী বা স্তন্যপান কৰোৱা কোনো নাই।

দহগৰাকী অংশগ্ৰহণকাৰীয়ে চাৰি সপ্তাহৰ মুৰত পৰীক্ষামূলক ভেকচিনটোৰ দুপালি দৰৱ গ্ৰহণ কৰিব।

বিশেষজ্ঞসকলে ৮০শতাংশ সফলতাৰ হাৰক লৈ আশাবাদী আৰু সফল হ’লে সকলোৰে বাবে সুলভ কৰি তোলাৰ লক্ষ্যৰে ছেপ্টেম্বৰৰ ভিতৰত এক নিযুত ভেকচিন ড’জ প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছে।