NORTHEAST NOW (Assamese)

শিৱসাগৰত আৰম্ভ হ’ল অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তন

December 16, 2020 12:43 pm · পাৰ্শ্বজ্যোতি গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

উদুলি মুদুলি শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেল পথাৰ।

খোল-তাল-ডবা-শঙ্খৰ ধ্বনিৰে আৰম্ভ হ’ল বহু প্ৰত্যাশিত নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ প্ৰথম ৰাজনৈতিক অভিৱৰ্তন।

পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পনেৰে আৰম্ভ হয় অসম জাতীয় পৰিষদৰ প্ৰথম ৰাজনৈতিক অভিৱৰ্তনৰ কাৰ্যসূচী।

দলৰ পতাকা উত্তোলন কৰে অসম জাতীয় পৰিষদৰ আহ্বায়ক কৃষ্ণ কমল ভট্টাচাৰ্যই। ইয়াৰ পিছতেই অনুষ্ঠিত হয় শ্বহীদ তৰ্পন অনুষ্ঠান।

অসম জাতীয় পৰিষদৰ সমন্বয়ক জগদীশ ভূঞা, অদীপ ফুকনকে ধৰি বহু ব্যক্তিয়ে শ্বহীদ তৰ্পণ কৰে।

ইয়াৰ পিছতেই শিৱসাগৰৰ নাট্যমন্দিৰত অনুষ্ঠিত হয় জাতীয় দিকদৰ্শন সন্মিলন। উক্ত সন্মিলনত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক হোমেন বৰগোঁহাই, অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক ড০ বসন্ত ডেকা, কৃষ্ণ কমল ভট্টাচাৰ্য, হেমন্ত ফুকনকে ধৰি বহু গণ্য মান্য ব্যক্তি।

আজি অসম জাতীয় পৰিষদৰ এই অভিৱৰ্তনত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক লুৰিণ জ্যোতি গগৈয়ে আনুষ্ঠানিক ভাৱে যোগদান কৰিব।

আজিৰ এই অভিৱৰ্তনত আলোচনা চক্ৰ দলৰ প্ৰতিনিধি সভা, দলৰ খচৰা সংবিধান পাঠ, আলোচনা আৰু গ্ৰহণৰ লগতে ৰাজনৈতিক প্ৰস্তাৱ পাঠ, আলোচনা আৰু গ্ৰহণৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব।

Related News