কাইলৈ বৰ্ষাপাৰাৰ ড০ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্টীয়

Kohli

সংবাদমেল দি ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলি।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পাঁচখন এদিনীয়া শৃংখলাটোৰ গুৱাহাটীত দেওবাৰে অনুষ্ঠিত হ’ব লগীয়া প্ৰথমখন খেলৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে।

সীমিত অ’ভাৰৰ দিবা-নৈশ খেলখনৰ বাবে মুঠ ১২জন খেলুৱৈৰ তালিকাখন আজি দুপৰীয়া এখন সংবাদমেল যোগে অধিনায়ক বিৰাট কোহলীয়ে ঘোষণা কৰে।

দলটোত আছে বিৰাট কোহলী, শিখৰ ধৱন, ৰোহিত শৰ্মা, মহেন্দ্ৰ সিং ধোনি, অম্বাতী ৰায়ুডু, ঋষভ পণ্ট, ৰবীন্দ্ৰ জাদেজা, কুলদ্বীপ যাদৱ, য়ুজবেন্দ্ৰ চহল, উমেশ যাদৱ, মহম্মদ ছামী আৰু ছৈয়দ খলিল আহমেদ। ইয়াৰে ঋষভ পণ্টে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্টীয় এদিনীয়া খেলিব।

“আমাৰ বেটিং লাইন পৰিস্থিতিৰ লগত খুবেই খাপ খোৱা ধৰণৰ। আনহাতে বলিঙতো আছে বৈচিত্ৰ্য।” এইদৰে সংবাদমেলত কয় অধিনায়ক বিৰাট কোহলিয়ে।

উল্লেখযোগ্য যে ভাৰতীয় দলটো একেৰাহে ৬খন এদিনীয়া খেলত অপৰাজিত হৈ আছে। কাইলৈ এই ধাৰা অব্যাহত ৰাখিব পাৰিব নে নাই সেই উৎকণ্ঠাই এতিয়া অসমৰ অনুৰাগীৰ বাবে সৰ্বাধিক গুৰুত্ব লাভ কৰা দেখা গৈছে। কাৰণ গুৱাহাটীত ভাৰতৰ প্ৰদৰ্শন মুঠেই সন্তোষজনক নহয়।

গুৱাহাটীৰ পূৰ্বৰ নেহৰু ষ্টেডিয়ামৰ কথা বিবেচনালৈ আনিলে দেখা যায় যে কম স্ক’ৰ হোৱাটো এটা নিয়মৰ দৰে।

আনহাতে ৱেষ্ট ইণ্ডিজৰ সপক্ষে গৈছে দলটোৱে গুৱাহাটীত খেলা সৰ্বাধিক তিনিখন খেলৰ ফলাফল। প্ৰথমখন খেলত ১৯৮৩ দলটোৱে ভাৰতৰ বিৰুদ্ধে ৬ উইকেটত, দ্বিতীয়খন খেলত ১৯৭৭ –অত ভাৰতৰ বিৰুদ্ধে ৫২ ৰানত আৰু ১৯৯৪ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে ১৩৫ ৰানত জয় লাভ কৰিছে।

তাৰ বিপৰীতে ভাৰতে মুঠ ১০খন খেল খেলি ৬খনত জয়ী হৈছে। আন দুখন পৰিত্যক্ত হৈছে।