সম্পন্ন হ’ল বিশ্বৰ সৰ্ববৃহৎ জেট বিমানৰ উৰণৰ পৰীক্ষা

Boeing-777X-1140x570

ফটো: উইকিপিডিয়াৰ সৌজন্যত

বিশ্বৰ সৰ্ববৃহৎ দ্বৈত ইঞ্জিন যুক্ত জেট বিমান 777X ৰ প্ৰথমটো উৰণৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰা হয়।

বিবিচিৰ বাতৰি অনুসৰি যোৱাবছৰ 737 মেক্স বিমান অৱতৰণৰ সময়ত সংঘটিত দুটা গুৰুতৰ সংঘৰ্ষত ৩৪৬জন লোকৰ মৃত্যু ঘটাৰ পাছত উৰণ পৰীক্ষণৰ বাবে সাজু হোৱা বোয়িং খনে ইয়াৰ ইমেজ বৃদ্ধি কৰিছিল।

বিমানখনে ছিয়াটেলৰ পৰা উৰা মাৰিছিল আৰু চাৰি ঘন্টা উৰণ সম্পন্ন কৰিছিল।

ইয়াৰ পূৰ্বে চলিত সপ্তাহতে প্ৰবল বতাহৰ বাবে দুবাৰকৈ এই প্ৰচেষ্টা বন্ধ ৰখা হৈছিল।

সেৱাৰ বাবে বিমানখন অহা বছৰ এমেৰিটাছত মুকলি কৰি দিয়াৰ বাবে পূৰ্বে পুনৰ পৰীক্ষণৰ প্ৰয়োজন আছিল।

২৫২ ফুট দীঘল যাত্ৰীবাহী জেটখন চলিত বছৰতেই মুকলি কৰিবলগীয়া আছিল যদিও কিছু কাৰিকৰী সমস্যাৰ বাবে বিলম্ব হৈছে।

এই 777X বিমান খন সফল 777 মনি জাম্বো বোয়িং বিমানৰ এক বৃহৎ তথা অধিক সক্ষম সংস্কৰণ।

বিমানখনত সংলগ্ন ফিচাৰ্ছৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে ফ’ল্ডিং উইংটিপছ আৰু বিশ্বৰ সৰ্ববৃহৎ বাণিজ্যিক ইঞ্জিন।

বোয়িঙে কোৱা মতে ই বিমানখনৰ ৩০৯খন বিমান প্ৰতিখনত ৪৪২ মিলিয়ন ডলাৰতকৈয়ো অধিক মূল্যত বিক্ৰী কৰিছে।

বিমানখনে ৩৬০ যাত্ৰী কঢ়িয়াব পৰা এয়াৰবাছ A350-1000 খনৰ সমান্তৰালভাৱে  উৰাৰ সক্ষমতা ৰাখিছে।