NORTHEAST NOW (Assamese)

দেখিবলৈ কেনে হ’ব ভাৰতত চলিবলগীয়া বুলেট ট্ৰেইন, চাওঁক জাপানে প্ৰকাশ কৰা প্ৰথম ফটো এলবাম

December 20, 2020 10:09 am · এন ই নাও নিউজ
Updated: December 20, 2020 10:39 am

অতি শীঘ্ৰে বুলেট ৰে’ল চলা দেশসমূহৰ অন্তৰ্ভূক্ত হ’ব ভাৰত।

মুম্বাই আৰু আহমেদাবাদৰ মাজত চলিবলগীয়া বুলেট ট্ৰেইন দেখিবলৈ কেনে হ’ব তাকেলৈ বহুতৰে মনত কৌতূহলৰ সৃষ্টি হৈ থকাৰ মাজতে ভাৰতত থকা জাপানৰ দূতাবাসে মুকলি কৰিছে বুলেট ট্ৰেইনৰ প্ৰথম ছবি।

মুম্বাই-আহমেদাবাদৰ মাজত চলিবলগীয়া বুলেট ট্ৰেইন প্ৰকল্পক হাই স্পীড ৰে’ল প্ৰজেক্ট নামেৰে নামাংকিত কৰা হৈছে।

জাপানে প্ৰকাশ কৰা বুলেট ট্ৰেইনৰ ছবিত দেখা ৰে’ল দৰাচলতে জাপানত চলি থকা E5 ছিৰিজৰ Shinkansen ৰে’লৰ সংস্কাৰ সাধন কৰি সজা নতুন বুলেট ট্ৰেইনৰ ছবি।

এই বুলেট ট্ৰেইন প্ৰকল্প ২০২৩ চনত সম্পূৰ্ণ হোৱাৰ কথা।

ৰে’ল প্ৰকল্পটোৰ বাবে মাটি অধিগ্ৰহণত বিলম্ব হোৱাৰ বাবেই প্ৰকল্পৰ কাম পিচুৱাই গৈছে।

Related News