মৎস্যপালন চৰকাৰী চাকৰিৰ বিকল্প হ’ব পাৰে : কানৈ মহাবিদ্যালয়ত সংমিশ্ৰিত মৎস্য প্ৰশিক্ষণ শিবিৰ

কানৈ মহাবিদ্যালয়ত মৎস্য প্ৰশিক্ষণ শিৱিৰৰ ফটো

অসমৰ প্ৰকৃতি বিষয়ক বেচৰকাৰী অনুষ্ঠান ”জীৱ সুৰক্ষা” ৰ উদ্যোগত আৰু ডিব্ৰগড় ডি এইচ এচ কে মহাবিদ্যালয়ৰ সহযোগত, গোগামুখৰ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অৰ্থ সাহায্যত আজিৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে সংমিশ্ৰিত মীন পালন বিষয়ক প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত হৈছে।

প্ৰশিক্ষণ শিৱিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্ত শাষিত পৰিষদৰ কাৰ্য্যবাহী বিষয়া প্ৰশান্ত বৰা, জিলা প্ৰকল্প সঞ্চালক নাবাৰ্ড লিপি দেউৰী, মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াকে আদি কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। অনুষ্ঠানটোৰ আঁত ধৰে জীৱ সুৰক্ষাৰ সম্পাদক ড০ নৱজ্যোতি বৰাই।

ড০ শশীকান্ত শইকীয়াই বন্তি প্ৰজ্বলন কৰি শুভাৰাম্ভ কৰা প্ৰশিক্ষণ শিৱিৰত অসমৰ মৎস্য চাহিদা পুৰণ কৰাৰ বাবে থলুৱাভাবে বিজ্ঞানসন্মত প্ৰযুক্তিৰ দ্বাৰা মৎস উৎপাদনত মনোনিবেশ কৰিব লাগিব বুলি মন্তব্য কৰে। অসমৰ বিভিন্ন ঠাইত চন পৰি থকা মাটি সমূহ ব্যৱহাৰ কৰি মৎস্য উৎপাদন কৰিলেহে বহিঃ ৰাজ্যৰ পৰা মাছৰ আমদানি ৰোধ কৰিব পৰা যাব বুলিও শইকীয়াই প্ৰশিক্ষাৰ্থী সকলক উদ্দেশ্য কৰি কয়।

আনহাতে, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী বিষয়া প্ৰশান্ত বাড়িয়ে অসমত মৎস্য বিপ্লৱ গঢ়ি তোলাৰ বাবে যুৱ সমাজক আগবাঢ়ি অহাৰ বাবে আহ্বান জনায়। আকৌ ডিব্ৰুগড়ৰ ৰমাই আৰু চৰাইহাবি গাঁও দুখন আদৰ্শ মীন গাঁও হিচাপে গঢ়ি তোলাৰ বাবে মিচিং স্বায়ত্ব শাসিত পৰিষদে বিশেষ উদ্যোগ ল’ব বুলি উল্লেখ কৰি এই ক্ষেত্ৰত ”জীৱ সুৰক্ষা”ৰ সহযোগিতা কামনা কৰে।

নাবাৰ্ডৰ প্ৰকল্প সঞ্চালক লিপি দেউৰীয়ে মৎস্য পালনৰ ক্ষেত্ৰত আৰ্থিক সহযোগিতাৰ দিশত বিভিন্ন বেংক সমূহে কেনেদৰে সহায় কৰে তাৰ ওপৰত বিষদ ভাবে বৰ্ণনা কৰে। বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰি কিদৰে উৎপাদন দুগুণ কৰিব পাৰি আৰু উৎপাদিত সামগ্ৰী সমূহৰ বজাৰ সম্বন্ধেও বিষয়াজনে প্ৰশিক্ষণ শিৱিৰত অংশগ্ৰহণকাৰী সকলক অৱগত কৰে।