কপাল ফুলিল! চাওক, কেনেকৈ লাখপতি হ’ল কৃষ্ণাইৰ মাছ ব্যৱসায়ী ইউছুফ?

Lakhpati Krishnai

লাখপতি ইউছুফ। ফটো: নৰ্থইষ্ট নাও।

জুৱা খেলি বা কোনো অবৈধ উপায়েৰে নহয়, কিন্তু কেনেকৈ ভাগ্যৰ দুৱাৰ খোল খালে কৃষ্ণাইৰ মাছ ব্যৱসায়ী ইউছুফৰ?

কৃষ্ণাইৰ ইউচুফ আলী হুছেইন, পেচাত এগৰাকী মাছ ব্যৱসায়ী ৷ ৰাতিপুৱাই চাইকেলেৰে মানুহৰ ঘৰে ঘৰে গৈ মাছ বিক্ৰী কৰে ৷

দিনটো কষ্ট কৰি ভাতমুঠিৰ ব্যৱস্থা কৰা ইউচুফ এতিয়া লাখপতি, এক ঘন্টা সময়ৰ ভিতৰতে লাভ কৰিলে এক লাখ টকা ৷

মাছৰ ব্যৱসায়েৰে থকা ঘৰটোও মেৰামতি কৰিব নোৱাৰা ইউচুফে ঘৰৰ দুটাকৈ গৰু বিক্ৰী কৰি ঘৰ এটা সজাৰ মন মেলিলে৷ তেনেকৈয়ে ঘৰ বনাই থকাৰ মাজতে আহিলে আচৰিত কৰি দিয়া এই ভাল খবৰটো ৷

ইউচুফ আলীয়ে ঘৰ বনাবলৈ এখন চিমেণ্টৰ দোকানৰ পৰা লৈ আহিছিল চিমেণ্ট ৷ সেই চিমেণ্টৰ বস্তাৰ ভিতৰত আছিল এখন কুপন, যিখন কুপনত লিখা আছিল এক লাখ টকা ৷

সেইখন দেখি ইউচুফ হতবাক, বিশ্বাস কৰিব নোৱাৰি লগে লগে দৌৰি গৈ চিমেণ্টৰ দোকান পালেগৈ ৷ তাত কুপনখন দেখুৱাত তেওঁলোকেও ক’লে যে এয়া সত্য ৷

অহা দুই এদিনৰ ভিতৰতে ইউচুফৰ হাতত পৰিব এক লাখ টকা ৷ তেওঁ এতিয়া আনন্দত আত্মহাৰা ।