NORTHEAST NOW (Assamese)

দুধনৈৰ কুহুমফুলা বিলত সমুহীয়া মাছধৰা উৎসৱ

March 4, 2020 12:36 pm · নীলমণি শৰ্মা
কুহুমফুলা বিলত মৎস্য চিকাৰৰ দৃশ্য

দুধনৈ ৰাজহ চক্ৰৰ চিলুক মৌজাৰ অন্তৰ্গত ঐতিহাসিক কুহুমফুলা বিলত মঙলবাৰে ৰাজহুৱা মাছধৰা উৎসৱ পালন কৰা হয়৷

ফাগুন মাহৰ শেষত নতুবা চ’ত মাহৰ আৰম্ভণিতে ঐতিহাসিক কুহুমফুলা বিলত প্ৰতি বছৰে মাছধৰা উৎসৱ অনুষ্ঠিত হৈ আহিছে৷

এইবেলি অঞ্চলটোত বসবাস কৰা ৰাভা আৰু গাৰো জনগোষ্ঠীৰ লোকৰ বাদেও অন্যান্য জনগোষ্ঠীৰ পুৰুষ মহিলা তথা কামৰূপ জিলা, মেঘালয় আৰু দক্ষিণ গোৱালপাৰাৰ বিভিন্ন অঞ্চলৰ লোকেও মাছধৰা উৎসৱত অংশগ্ৰহণ কৰে৷

ৰাতিপুৱাৰ পৰা বিভিন্ন অঞ্চলৰ লোকে জাকৈ, খালৈ, পল, জাল আদি লৈ  বিলত মাছৰ সন্ধানত নামি পৰে৷

দুপৰীয়ালৈ প্ৰায় ছয় সহস্ৰাধিক লোকে কুহুমফুলা বিলত মৎস চিকাৰৰ বাবে ভিৰ কৰে৷

মৎস চিকাৰক কেন্দ্ৰ কৰি এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় কুহুমফুলা বিলত৷

ৰৌ, ভকুৱা, ব’ৰালি, শোল, কান্দুলি, পুঠি, খলিহনা, দৰিকণা, কাৱৈ, গৰৈ আদি বিভিন্ন থলুৱা মাছেৰে মাছধৰা উৎসৱত অংশগ্ৰহণ কৰা লোকৰ খালৈ ভৰি পৰা দেখা যায়৷

চিলুক মৌজা সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে কৰুণ চাংমা আৰু দীপক গগৈ মোমিনে জনোৱা মতে এই উৎসৱত আটাইতকৈ ডাঙৰ তথা বেছি ওজনৰ মাছ ধৰা ব্যক্তিক পৰম্পৰাগত ভাৱে পুৰস্কৃত কৰা হয়৷

আনহাতে, এই মৎস্য চিকাৰ কৰা দৃশ্য চাবৰ বাবেও বহু লোকৰ সমাগম হয়। বিলৰ কাষত লগতে ঘাইপথেৰে যাতায়ত কৰা বহু লোকেও নিজৰ বাহন ৰখাই এপলক এই নান্দনিক দৃশ্য উপভোগ কৰা দেখা গ’ল মঙলবাৰে ৰাতিপুৱা।

Related News